অসম

assam

Protest against Oil: অইল ইণ্ডিয়াৰ কাৰিকৰী পদৰ পৰীক্ষাৰ বিসংগতিক লৈ প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 7:26 AM IST

Updated : Nov 9, 2023, 9:16 AM IST

পৰীক্ষাৰ বিসংগতিক লৈ প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

ডিব্ৰুগড়, 9 নৱেম্বৰ : অইল ইণ্ডিয়াৰ কাৰিকৰী পদৰ পৰীক্ষাত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে । অইল ইণ্ডিয়া কৰ্তৃপক্ষই কেৱল নিজৰ সম্পৰ্কীয় প্ৰাৰ্থীক নিযুক্তি দিয়াৰ বাবে বিসংগতিপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠনে ।

২০ অক্টোবৰত ১৮৭ টা কাৰিকৰী পদৰ বাবে অইল ইণ্ডিয়া লিমিটেডে অনুষ্ঠিত কৰা কাৰিকৰী পদৰ পৰীক্ষাত ব্যাপক বিসংগতি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। অইল ইণ্ডিয়াৰ কাৰিকৰী পদৰ পৰীক্ষাৰ বিসংগতিক লৈ দুলীয়াজানৰ অইল ইণ্ডিয়াৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

হাতে হাতে প্ৰতিবাদী শ্ল’গান লিখি মৌন প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । অইল ইণ্ডিয়াৰ মুখ্য পৰিচালক ৰঞ্জিত ৰথক পৰীক্ষাৰ বিসংগতিৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ আহ্বান জনোৱাৰ লগতে অইল ইণ্ডিয়াৰ নিযুক্তি প্ৰক্ৰিয়াত কিয় বাৰে বাৰে এনে ঘটনা সংঘটিত হয় সেই বিষয়ে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাই সংগঠনটোৱে । অইল ইণ্ডিয়াৰ অনুষ্ঠিত হৈ যোৱা কাৰিকৰী পদৰ পৰীক্ষাৰ বিৰুদ্ধে তদন্ত ঘোষণা নকৰিলে আন্দোলন অব্যাহত থাকিব বুলিও হুংকাৰ প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

লগতে পঢ়ক :Protest against Oil: অইল ইণ্ডিয়াৰ মূখ্য পৰিচালকৰ পুত্তলিকা জ্বলাই প্ৰতিবাদ

Last Updated : Nov 9, 2023, 9:16 AM IST

ABOUT THE AUTHOR

...view details