অসম

assam

Road accident in Rangia: ৰঙিয়াৰ বৰঘুলিত পথ দুৰ্ঘটনাত আহত ১৩ গৰাকী

By

Published : Apr 17, 2023, 9:34 PM IST

বৰঘুলিত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিয়া, ১৭ এপ্ৰিল :ৰঙিয়াৰ বৰঘুলিত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Rangia)। নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী টেম্পুৱে খুন্দিয়ালে নাৰিকল গছত । এই দুৰ্ঘটনাত শিশু, মহিলাসহ ১৩ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত । আহত যাত্ৰীসকল ৰঙিয়াৰ সমীপৰ লাহাপাৰা আৰু হাতিমূৰা গাঁৱৰ । বৰঘুলিৰ পৰা কাউৰবাহা লৈ আহি থাকোতে এই দুৰ্ঘটনাটো সংঘটিত হয় ।  

এখন বাইকক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগত গছত খুন্দিওৱাৰ ফলত টেম্প'খনৰ আটাইকেইজন যাত্ৰী গুৰুতৰভাৱে আহত হয় । এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত যাত্ৰীসকলক ততাতৈয়াকৈ সমীপতে থকা নিজ কাউৰবাহা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় (Nij Kaurbaha Primary Health Centre)।  কিন্তু চিকিৎসালয়খনত আহত লোকসকলক পৰ্যাপ্ত চিকিৎসা প্ৰদান কৰিব নোৱাৰাত উত্তপ্ত হৈ পৰে চিকিৎসালয়ৰ চৌহদ (Public protest in Rangia)। একাংশ ৰাইজে চৰকাৰ তথা চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । পিছত আহত যাত্ৰীসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক:Tiger at Kaliabor: কলিয়াবৰত মাৰ যোৱা নাই বনৰজাৰ আতংক; আকৌ জনাঞ্চলত বনৰজা

ABOUT THE AUTHOR

...view details