অসম

assam

চুক্তি স্বাক্ষৰৰ প্ৰাকমুহূৰ্তত পৰেশ বৰুৱাক কোনো আহ্বান নজনাই অনুপ চেতিয়াই

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 8:45 PM IST

Himanta Biswa Sarma on ULFA

নিউজ ডেস্ক, 15 ডিচেম্বৰ: দিল্লীত মুখ্যমন্ত্ৰীয়ে আলফা-চৰকাৰৰ শান্তিচুক্তি স্বাক্ষৰ সন্দৰ্ভত কৰা মন্তব্য, শেহতীয়াকৈ উজনি অসমৰ কেইবাটাও স্থানত আলফা(স্বা)ই সংঘটিত কৰা কূটাঘাত আৰু শান্তিচুক্তি স্বাক্ষৰৰ পিচতে আলফা ভংগ সন্দৰ্ভত সংগঠনটোৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ সৈতে ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰ এক টেলিফোনিক সাক্ষাৎকাৰ ৷ 

আলফা নেতাগৰাকীয়ে ইটিভি ভাৰতক জনায় যে মুখ্যমন্ত্ৰীয়ে এইবৰ্ষৰ ডিচেম্বৰৰ শেহত বা অহা বৰ্ষৰ জানুৱাৰীৰ প্ৰথম ভাগত শান্তিচুক্তি স্বাক্ষৰৰ কথা কৈছে ৷ এইটো এটা ইতিবাচক দিশ ৷ 2011 চনৰ পৰাই এই চুক্তিৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছিল ৷ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা উদ্যোগক ধন্যবাদ জনায় অনুপ চেতিয়াই ৷ 

আলফাৰ শান্তি চুক্তিৰ দাবী চনদ সন্দৰ্ভত তেওঁ কয় যে চূড়ান্ত খচৰাখন নোপোৱালৈকে চুক্তিত কি থাকিব সেয়া ক’ব পৰা নাযায় ৷ আনহাতে শেহতীয়াকৈ হৈ যোৱা আলফাৰ কাজিৰঙাৰ বৈঠকত গ্ৰহণ কৰা অন্যতম সিদ্ধান্ত আলফা ভংগ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত কোনো আলফা নেতা ৰাজনীতিলৈ যাব পাৰিব বুলি লোৱা সিদ্ধান্ত সন্দৰ্ভত তেওঁ কয় যে সশস্ত্ৰ সংগঠনটো চুক্তিৰ পিচত বৰ্তাই ৰখাটো যুক্তিকৰ নহয় ৷ গতিকে কোনোবাই ইচ্ছা কৰিলে ৰাজনৈতিক বা সামাজিক সংগঠনত যোগ দিব পাৰে ৷  

আলফা (স্বা)ৰ শেহতীয়া বিক্ষিপ্ত কূটাঘাত সন্দৰ্ভত তেওঁক সোধা হৈছিল যে শান্তি চুক্তি স্বাক্ষৰৰ প্ৰাকক্ষণত আলফা(স্বা) বা পৰেশ বৰুৱাৰ ইয়াৰ সৈতে কিবা যোগসূত্ৰ থাকিব পাৰে নেকি ? তেওঁ কয় যে তেনেকুৱা কথা নাই ৷ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই আলফা(স্বা) থকালৈকে দুই এটা এনেধৰণৰ ঘটনা ঘটিবই বুলি উল্লেখ কৰি তেওঁ এই সন্দৰ্ভত অধিক মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৷ (ULFA peace accord)

লগতে পঢ়ক:জানুৱাৰীত আলোচনাপন্থী আলফাৰে হ’ব শান্তিচুক্তি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব

ABOUT THE AUTHOR

...view details