অসম

assam

Protest in Nalbari: শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ মৰ্যদা ঘূৰাই অনাৰ দাবীত প্ৰতিবাদ

By

Published : May 30, 2023, 1:08 AM IST

শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ মৰ্যদা ঘূৰাই অনাৰ দাবীত প্ৰতিবাদ

নলবাৰী, ২৯ মে’: নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি আসামৰিক হাস্পতালৰ পুৰণি মৰ্যাদা ঘূৰাই অনাৰ দাবীত নলবাৰীত অব্যাহত আছে প্ৰতিবাদ ৷ সোমবাৰে বিয়লি প্ৰতিবাদ কৰিবলৈ আহি আটক হ’ল বহুকেইজন ব্যক্তি । প্ৰতিবাদকাৰীসকলে আজি কেণ্ডেল মাৰ্চ কৰি প্ৰতিবাদ কৰিব লওঁতেই আৰক্ষীয়ে বাধা প্ৰদান কৰে (Protests demanding restoration of SMKCH) ৷ উল্লেখযোগ্য যে, নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন নৱনিৰ্মিত নলবাৰী মেডিকেল কলেজৰে সংলগ্ন কৰিছিল ৰাজ্য চৰকাৰে (Swahid Mukund Kakati Civil Hospital)। 

যাৰ ফলশ্ৰুতিত দিনক দিনে অসামৰিক চিকিৎসালয়খনত স্বাস্থ্য সেৱাৰ মান কিছু অৱনমিত হোৱা পৰিলক্ষিত হৈছে । শ্বহীদ মুকুন্দ কাকতি অসামৰিক হাস্পতালখনৰ গৰিমা এনেদৰে হেৰাই যোৱাৰ অভিযোগত স্থানীয় ৰাইজৰ লগতে দল সংগঠনসমূহে প্ৰতিবাদ অব্যাহত ৰাখিছে । ধৃত প্ৰতিবাদকাৰীসকলৰ মাজত প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমনী বৰ্মনকো আটক কৰা হৈছে বুলি জানিব পৰা গৈছে ৷  

লগতে পঢ়ক:Allegations of bribery : শিৱসাগৰত সদ্যনিযুক্ত চাকৰি প্ৰাৰ্থীৰ পৰা উৎকোচ লোৱাৰ অভিযোগ

ABOUT THE AUTHOR

...view details