অসম

assam

Mobile and ganja seized: অপৰাধৰ ঘাটীত পৰিণত গুৱাহাটী ৰেল ষ্টেচনত জব্দ গাঞ্জা

By

Published : Jan 10, 2023, 2:27 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

গোপন সূত্ৰৰ ভিত্তিত ৰেল আৰক্ষীয়ে অভিযান চলায় গুৱাহাটী ৰেল ষ্টেচনত জব্দ কৰে 39 টা চুৰি ম'বাইল আৰু ২১ কিলোগ্ৰাম গাঞ্জা (Mobile and ganja seized in Guwahati rail station)। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি এই অভিযানত চেমচাং 10 টা, ভিভ’ 7 টা , অপ্পো 8 টা, জেমেক্স 1 টা, আই ফোন 2 টা, ৰেড মি 9টা, প’ক’ ম'বাইল 2 টা জব্দ কৰে । লগতে জব্দ কৰে ৮ খনকৈ ম’বাইলৰ চিম কাৰ্ড । আনহাতে অভিযান কালত ধৃত লোকজনৰ পৰা ম'মেৰে প্ৰলেপ দি সৰবৰাহ কৰিবলৈ চেষ্টা কৰা অৱস্থাত গাঞ্জা জব্দ কৰা হয় । ম’বাইল আৰু গাঞ্জা সৰবৰাহত জড়িত সৰবৰাহকাৰীজন হৈছে ঝাৰখণ্ডৰ ছাইদুৰ আনচাৰী । ডিমাপুৰৰ পৰা ৰাজধানী এক্সপ্ৰেছযোগে ঝাৰখণ্ডলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল সামগ্ৰীখিনি । এই সমগ্ৰ ঘটনাৰ লগত এটা বৃহৎ চুৰি চক্ৰ জড়িত বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । চুৰি ম'বাইলবোৰ চাইবাৰজনিত অপৰাধী কাৰ্যকলাপত ব্যৱহাৰ কৰা হয় বুলি সৰবৰাহকাৰীটোৱে আৰক্ষীক জানিবলৈ দিয়ে ৷ জব্দ হোৱা গাঞ্জাখিনিৰ মূল্য প্ৰায় ১০ লাখ আৰু ম'বাইলকেইটাৰ মূল্য প্ৰায় ১০ লাখ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details