অসম

assam

লোকসভালৈ অগপৰ সাংসদ নিৰ্বাচিত হোৱাটো নিশ্চিত বুলি দাবী কেশৱ মহন্তৰ

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 2:38 PM IST

মন্ত্ৰী কেশৱ মহন্ত

নগাঁও, 25 নৱেম্বৰ : এইবাৰ লোকসভালৈ অসমৰ পৰা অগপৰ সাংসদ নিৰ্বাচিত হোৱাটো নিশ্চিত বুলি দাবী কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । শনিবাৰে নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত এই দাবী কৰিলে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক পৰাভূত কৰিবলৈ কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্য মঞ্চ গঠন কৰি কঁকালত টঙালি বন্ধাৰ সমান্তৰালকৈ ব্যাপক তৎপৰতা আৰম্ভ হৈছে বিজেপি মিত্ৰজোঁটতো । কিন্তু এই পৰ্যন্ত আসন বুজাবুজি চূড়ান্ত কৰা নাই বিজেপি মিত্ৰজোঁটে । 

অগপই কোন সমষ্টিত আৰু কিমান আসনত প্ৰতিদ্বন্দিতা কৰিব সেয়া মিত্ৰজোঁটৰ বৈঠকত সিদ্ধান্ত লোৱা হ'ব বুলিও মন্তব্য কৰিলে মন্ত্ৰী কেশৱ মহন্তই । আনহাতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যন্ত চাৰে এঘাৰখন আসনত জয়ী হোৱাটো নিশ্চিত বুলি কৰা দাবী সন্দৰ্ভতো মন্তব্য কৰি মন্ত্ৰী কেশৱ মহন্তই চাৰে এঘাৰৰ সৈতে আধা যোগ কৰি 12 খন আসনত মিত্ৰজোঁটে জয়লাভ কৰিব বুলি দাবী কৰে । অগপ বিজেপিৰ আসন ভাগ বাটোৱাৰা মিডিয়াত হোৱা আলোচনা বুলি কয় মন্ত্ৰী কেশৱ মহন্তই ।

ABOUT THE AUTHOR

...view details