অসম

assam

Tree cutting in Guwahati : উন্নয়নৰ নামত গুৱাহাটীত চলিছে গছ কটাৰ অঘোষিত প্ৰতিযোগিতা

By

Published : May 1, 2023, 7:07 AM IST

মহানগৰীত গছৰ ধ্বংস যজ্ঞ

গুৱাহাটী, 1 মে’:  উন্নয়নৰ নামত ৰাজ্যত অব্যাহত আছে গছৰ ধ্বংস যজ্ঞ । উৰণ সেঁতু আৰু পথ সম্প্ৰসাৰণৰ নামত মহানগৰীত গছ কাটি তহিলং কৰিছে বন বিভাগে (Fly over construction in Guwahati) । নিশাৰ ভিতৰতে মহানগৰীৰ কেইবাটাও স্থানত কটা হ’ল ইজোপাৰ পৰা সিজোপাকৈ পুৰণি গছ । ইয়াক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে (Tree cutting in Guwahati) ।

জানিব পৰা মতে, মহানগৰীৰ ৰাধাগোবিন্দ বৰুৱা পথৰ 31 জোপা গছ কটাৰ সিদ্ধান্ত লৈছে বন বিভাগে । এ আই ডি চিৰ পৰা জোনালীলৈ নিশাৰ ভিতৰতে কাটি পেলোৱা হ’ল কেইবাজোপা পুৰণি গছ । নিশায়ে মহানগৰীৰ ৰাধাগোবিন্দ বৰুৱা পথ আৰু জালুকবাৰীত 11 জোপা গছ বন বিভাগে কটা বুলি জানিব পৰা গৈছে । যি সময়ত গোলকীয় উষ্ণতা বৃদ্ধিৰ লগতে প্ৰদূষণৰ মাত্ৰা মহানগৰীত বৃদ্ধি পাইছে সেই সময়ত এইদৰে উন্নয়নৰ নামত বন বিভাগে মহানগৰীৰ গছ কাটি তহিলং কৰাটো সহজে মানি ল’ব পৰা সচেতন ৰাইজে (Cutting trees at Guwahati)। 

উল্লেখ্য যে, মহানগৰীৰ উন্নয়নৰ নামত গছ কাটি তহিলং কৰা কাৰ্য এয়ে প্ৰথম নহয় । পূৰ্বেও মহানগৰীত উৰণীয়াসেঁতু নিৰ্মাণ , পথ সম্প্ৰসাৰণৰ নামত বহু মূল্যৱান গছ কটা হৈছিল (Trees cut down by forest department) ।

লগতে পঢ়ক :  Tense situation at Sonari: প্ৰতিবাদকাৰীলৈ নিক্ষেপ কৰা শিলগুটি লাগি আঘাতপ্ৰাপ্ত সংবাদকৰ্মী

ABOUT THE AUTHOR

...view details