Tense situation at Sonari: প্ৰতিবাদকাৰীলৈ নিক্ষেপ কৰা শিলগুটি লাগি আঘাতপ্ৰাপ্ত সংবাদকৰ্মী

By

Published : Apr 30, 2023, 10:53 PM IST

Updated : May 1, 2023, 1:25 AM IST

thumbnail

মৰাণ, 30 এপ্ৰিল : চৰাইদেউ জিলাৰ সোণাৰিত এতিয়াও অব্যাহত আছে উত্তপ্ত পৰিস্থিতি (Tense situation at Sonari) ৷  নিৰ্মীয়মান জল জীৱন মিছনৰ পানী যোগান আঁচনিৰ বিসংগতি আঙুলিয়াই দিয়াৰ বাবে AJYCPৰ আঞ্চলিক সস্পাদকক ঠিকাদাৰে অন কেমেৰা প্ৰচণ্ড চৰ সোধাইছিল (Contractor slaps AJYCP leader) ৷ তাৰ পিচৰে পৰা ছিকাদাৰ নিৰ্মল মূড়েৰ বিৰুদ্ধে অঞ্চলটোত তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে ৷  

দেওবাৰে বিয়লি প্ৰায় ৫ মান বজাত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে ঠিকাদাৰ নিৰ্মল মূড়ৰ ঘৰ ঘেৰাও কৰিবলৈ গৈছিল  (Contractor slaps AJYCP leader)। এই বাতৰি সংগ্ৰহ কৰিবলৈ সেই ঠাইত সংবাদকৰ্মীসকলো উপস্থিতি হৈছিল (protest against contractor) ৷ 

কিন্তু তেনে সময়তে মূড়ৰ বাসগৃহৰ পৰা নিৰ্বিচাৰে প্ৰতিবদকাৰীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰাৰ ফলত শিল লাগি এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ এগৰাকী সংবাদকৰ্মী গুৰুতৰভাৱে আহত হয় ৷ আহত সংবাদ কৰ্মীগৰাকী ভিডিঅ’ জাৰ্নেলিষ্ট চৰিফুল আহমেদ বুলি জানিব পৰা গৈছে (Journalist injured in protest) ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে শিৱসাগৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰাৰ লগতে শিৱসাগৰ জিলা সাংবাদিক সংস্থা, ই-মিডিয়া সংস্থা আৰু শিৱসাগৰ প্ৰেছ ক্লাৱে শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে ।

লগতে পঢ়ক: Tense situation at Sonari: গুণ্ডাৰূপী ঠিকাদাৰক গ্ৰেপ্তাৰৰ দাবীত ঘেৰাও কাকতিবাৰী আৰক্ষী থানা

Last Updated : May 1, 2023, 1:25 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.