অসম

assam

Tourist Injured at Kaziranga : কাজিৰঙাত হাতীৰ পিঠিৰ পৰা বাগৰি আঘাতপ্ৰাপ্ত পৰ্যটকক JMCHত ভৰ্তি

By

Published : Feb 6, 2023, 3:58 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

কাজিৰঙাত হাতীৰ পিঠিৰ পৰা বাগৰি আঘাতপ্ৰাপ্ত পৰ্যটকক JMCHত ভৰ্তি

যোৰহাট, 6 ফেব্ৰুৱাৰী : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰীত সংঘটিত হ’ল অঘটন (Accident at Kaziranga National Park) ৷ হাতী ছাফাৰী কৰি থাকোতেই হাতীৰ পিঠিৰ পৰা বাগৰি পৰিল তিনি বহিঃৰাজ্যৰ পৰ্যটক (Tourist falls from elephant at Kaziranga)। হাতীৰ পিঠিৰ পৰা বাগৰি পৰি গুৰুতৰভাৱে আহত হোৱা তিনি পৰ্যটকক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park) বাগৰি বনাঞ্চলত সোমবাৰে সংঘটিত হ'ল দুৰ্ভাগ্যজনক ঘটনাটো ৷ ব্যক্তিগত হাতী ছাফাৰী কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অনাবিল সৌন্দৰ্য উপভোগ কৰি থাকোতেই হাতীৰ পিঠিৰ পৰা বাগৰি পৰিল তিনিগৰাকীকৈ পৰ্যটক ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অংশ বাগৰি বনাঞ্চলত চামেলী নামৰ হাতীজনীৰে হাতী চাফাৰী কৰিবলৈ গৈছিল বহিঃৰাজ্য পৰ্যটকৰ দল এটা  ৷ ইয়াৰে তিনিগৰাকী পৰ্যটক চামেলী নামৰ হাতীজনীৰ পিঠিৰ পৰা সৰি পৰি গুৰুতৰভাৱে আহত হয় ।

আহত তিনি মহিলা পৰ্যটক ক্ৰমে লেখা সিনহা, শিখা সিনহা আৰু প্ৰতিমা দত্ত বুলি জানিব পৰাৰ গৈছে ৷ আহত পৰ্যটক তিনিগৰাকীক প্ৰথম অৱস্থাত কহঁৰা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসালয় মহাবিদ্যালয় ও হাস্পতালত (Jorhat Medical College and Hospital) ভৰ্তি কৰোৱা হয় । বৰ্তমান তিনি বহিঃৰাজ্য পৰ্যটকৰ স্বাস্থ্য অৱস্থা বিপদমুক্ত বুলি জানিব পৰা গৈছে ।

উল্লেখ্য, কলকাতাৰ পৰা কাজিৰঙা ভ্ৰমণৰ বাবে অহা পৰ্যটকৰ দলটোত আছিল 9 গৰাকী পৰ্যটক আছিল ৷ ইয়াৰে চাৰিগৰাকী পৰ্যটক চামেলী নামৰ হাতীৰজনীত উঠি হাতী ছাফাৰী কৰি আছিল (Elephant Safari at Kaziranga)৷ তেনে সময়তে ৰাষ্ট্ৰীয় উদ্যানখনত গঁড় প্ৰত্যক্ষ কৰাত হাতীজনীক ৰখোৱা হয় ৷ হাতীজনীক ৰখোৱাৰ পাছতে পিছফালৰ পৰা অহা অন্য এটা হাতীয়ে খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত ৷

দুৰ্ঘটনাটোৰ ফলত মহিলা পৰ্যটককেইগৰাকী হাতীৰ পিঠিৰ পৰা বাগৰি পৰে ৷ ইয়াৰ পাছতে তাৎক্ষণিকভাৱে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ এখন জীপেৰে আহত পৰ্যটক তিনিগৰাকীক প্ৰাথমিক চিকিৎসাৰ বাবে হাস্পতাললৈ লৈ যায় ৷

লগতে পঢ়ক:Turkey Earthquake: তুৰস্কৰ ভূমিকম্পৰ দৃশ্যই শংকিত কৰিব আপোনাক; চাওক ভূমিকম্পৰ পিচৰ অৱস্থা

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

...view details