অসম

assam

Ganja seized in Bihali: বিহালীত বুজন পৰিমাণৰ গাঞ্জাসহ সৰবৰাহকাৰীক আটক

By

Published : May 15, 2023, 10:45 PM IST

বিহালীত বুজন পৰিমাণৰ গাঞ্জা জব্দ

বিশ্বনাথ,১৫ মে': সোমবাৰে বিহালী আৰক্ষী আৰু জিনজিয়া আৰক্ষীৰ এটা দলে বিশ্বনাথ জিলা অতিৰিক্ত জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত এক গোপন সুত্ৰৰ পমখেদি প্ৰায় ১০ লাখ টকা মূল্যৰ ৬৪ কেজি গাঞ্জা জব্দ কৰে (Huge quantity of ganja seized in Bihali) ৷ তথ্য অনুসৰি বিহালীৰ অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকাৰ বিহমাৰীৰ উমেশ পায়েঙ নামৰ গাঞ্জা বেপাৰীটোৰ বাসগৃহৰ পৰা প্ৰায় ৬৩ কেজি গাঞ্জাসহ AS12V9183 নম্বৰৰ মাৰুতিভান এখন উদ্ধাৰ কৰি জব্দ কৰাৰ ওপৰিও বিহালীৰ টেলেঙণীয়াৰ কমল দাসৰ বাসগৃহৰ পৰা প্ৰায় ২ কেজি গাঞ্জা উদ্বাৰ কৰে ৷  

উল্লেখ যে, অভিযানকাৰী দলটোৱে গাঞ্জাসহ পাঁচটা গাঞ্জা বেপাৰীক আটক কৰে (Five ganja smugglers arrested in Bihali) ৷ ধৃত গাঞ্জা বেপাৰীকেইটা ক্ৰমে ধৃত বিহমাৰী গাঁৱৰ উমেশ পায়েঙ, টেলেঙনীয়া গাওঁৰ কমল দাস, গোবিন্দ দাস, চেৰেলীয়াৰ বিজুলীজাৰণিৰ ৰফিক খান আৰু মদন মহানন্দীয়া (Ganja seized in Bihali) ৷ সম্প্ৰতি বিহালী আৰক্ষীয়ে ধৃত গাঞ্জা বেপাৰী ৫ টাক অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে ৷ 

লগতে পঢ়ক:Thief attacked girl in Guwahati: গুৱাহাটীত যুৱতীক আক্ৰমণ কৰি দুৰ্বৃত্তই কাঢ়ি নিলে ম’বাইল ফোন

ABOUT THE AUTHOR

...view details