অসম

assam

Hojai Administration eviction drive: ডবকাত শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰশাসনৰ বুলড’জাৰ

By

Published : Jul 21, 2023, 5:11 PM IST

উচ্ছেদ অভিযান

হোজাই, 21 জুলাই : শুকুৰবাৰে পুৱাৰ পৰা ডবকা চহৰত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ।  ডবকা চহৰৰ ডবকা-ডিফু ৰোড, ডবকা-হোজাই ৰোড (পুৰণি) আৰু ডবকা-নগাঁও ৰোডৰ দুয়োকাষে একাংশ ব্যৱসায়ীয়ে চৰকাৰী ভূমি বেদখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তুলিছিল । এই ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীলৈ ডবকা পৌৰসভাই বাৰে বাৰে জাননী দিয়া স্বত্বেও চৰকাৰী মাটি খালী কৰি নিদিয়াত হোজাই প্ৰশাসন কঠোৰ হৈ পৰে ।

উল্লেখ্য যে কালি হোজাই মহকুমাৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লাচিত দাসে হোজাইৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাসহ বৃহৎআৰক্ষী বাহিনী লগত লৈ চৰকাৰী ভূমি বেদখল কৰা সকলো ব্যৱসায়িক প্ৰতিষ্ঠানত উপস্থিত হৈ আজি পুৱা ৫ বজাৰ আগত চৰকাৰী ভূমি খালী কৰাৰ নিৰ্দেশ দিয়ে । লগতে ডবকা পৌৰসভাৰ বিষয়া-কৰ্মচাৰীয়ে নিৰ্দিষ্ট বেদখল হোৱা ঠাইত ৰঙা ৰং দি চৰকাৰী ভূমিৰ চিনাক্তকৰণ কৰি থৈ যায় ।

একাংশ ব্যৱসায়ীয়ে পৌৰসভাৰ নীতি-নিৰ্দেশনা ভেঙুচালি কৰি যধে মধে ব্যৱসায়িক প্ৰতিষ্ঠান, ওখ অট্টালিকা সাজি উলিওৱাত মূল পথ সংকুচিত হোৱাৰ লগতে বজাৰ এলেকাত প্ৰায়ে তীব্ৰ যান-জঁটৰ সৃষ্টি হয় । বেদখল আৰু যান-জঁট ডবকা চহৰৰ এক মূল সমস্যা । প্ৰশাসন এতিয়া এই দুটা মূল সমস্যা সমাধানৰ দিশে আগবাঢ়িছে । হোজাইৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লাচিত দাসৰ ভূমিকাক ৰাইজে শলাগ লৈছে । এই অভিযানৰ ফলত ডবকা পৌৰ এলেকাৰ ৰাস্তা-ঘাট বহল হোৱাৰ লগতে পৌৰসভাৰ সৌন্দর্য বৃদ্ধি পাব । 

লগতে পঢ়ক :KAAC eviction drive at lankaijan:কাৰ্বি আংলং সীমান্তৱৰ্তী লাংকাইজান এলেকাত উচ্ছেদ অভিযান

ABOUT THE AUTHOR

...view details