অসম

assam

Har Ghar Triranga: জোনাইত হৰ ঘৰ ত্ৰিৰংগাৰ সজাগতাৰ বাবে স্কুটী ৰেলী

By

Published : Jul 30, 2022, 6:29 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

দেশজুৰি আজাদী কা অমৃত মহোৎসৱৰ অংশস্বৰূপে আৰম্ভ হৈছে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী (Har Ghar Tiranga mission in India)। অসমতো এই কাৰ্যসূচীক লৈ ব্য়াপক প্ৰস্তুতি চলিছে । আত্মসহায়ক গোটৰ মহিলাসকল ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে (Preparation of Har Ghar Tiranga mission)। ইফালে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে উঠি পৰি লাগিছে চৰকাৰী বিষয়াসকল । ইয়াৰ মাজতে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ধেমাজি জিলাত আয়োজন কৰা হ'ল এক স্কুটী ৰেলীৰ । শনিবাৰে জোনাইত একাংশ মহিলাই ২০ কিলোমিটাৰ জোৰা স্কুটী ৰেলী উলিয়াই ৷ জোনাই মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিৱেদীয়ে ফ্লেগ অফ কৰা এই ৰেলী জোনাই সদৰৰ পৰা আৰম্ভ হৈ লাইমেকুৰীত সমাপ্ত হ'য় ৷ প্ৰতিকূল বতৰকো নেওচি মহিলাসকলে স্কুটী ৰেলীত অংশগ্ৰহণ কৰে । ইয়াৰ উপৰিও জোনাইত ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰও মুকলি কৰা হয় ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details