অসম

assam

Lovlina Borgohain in Majuli; ফেৰীত উঠাৰ সুকীয়া আমেজ ল’লে লাভলীনা বৰগোঁহায়ে

By

Published : Apr 2, 2023, 6:42 PM IST

মাজুলীত উপস্থিত হয় অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাই

মাজুলী, 2 এপ্ৰিল : দেওবাৰে মাজুলীত উপস্থিত হয় অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাই (Boxer Lovlina Borgohain in Majuli)  । যোৰহাটৰ নিমাতী ফেৰী ঘাটৰ পৰা ফেৰীৰে কমলাবাৰী ঘাটত উপস্থিত হয় মহিলা বক্সিং চেম্পিয়নশ্বিপ 2023 ত স্বৰ্ণ পদক লাভ কৰা লাভলীনা বৰগোঁহাই (Gold medalist Boxer Lovlina Borgohain) । আনকি বক্সাৰগৰাকীক কাষতে পাই আনন্দিত হৈ পৰিল মাজুলীবাসী ৷ এই কমলাবাৰী ফেৰী ঘাটতে মাজুলী জিলা TMPK ৰ ফালৰ পৰা বক্সাৰগৰাকীক আদৰণিও জনোৱা হয় ।

উল্লেখ্য যে, দেওবাৰে ঢকুৱাখানত আয়োজিত TMPK ৰ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে যোৰহাট-মাজুলীৰ হৈ নৌকা যাত্ৰা কৰে বক্সাৰগৰাকীয়ে ৷ ফেৰীৰ পৰা নামিয়েই সাংবাদিকৰ আগত বক্সাৰ লাভনীলা বৰগোঁহায়ে কয়, ‘‘ফেৰীত উঠাৰ হাবিয়াসৰ বাবেই মাজুলী হৈ ঢকুৱাখানালৈ যোৱা কথা ভাবিলো । কিয়নো ফেৰীত উঠাৰ এক সুকীয়া আমেজ আছে ৷ এই চেগতে মাজুলীবাসীকো লগ পালো’’ ৷

লগতে পঢ়ক :Boxer Lovlina Borgohain : স্ব-ভূমিত উপস্থিত স্বৰ্ণ পদক বিজয়ী লাভলীনা বৰগোঁহাই

ABOUT THE AUTHOR

...view details