অসম

assam

গুৱাহাটী ৰেল ষ্টেচনত 15 লাখ টকা মূল্যৰ সোণৰ বিস্কুট জব্দ

By

Published : Aug 24, 2022, 4:06 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

গুৱাহাটী ৰেলৱে ষ্টেচনত সোণৰ বিস্কুট জব্দ । ৰেল আৰক্ষী বাহিনীৰ নিয়মীয়া তালাচীত জব্দ হয় সোণখিনি (Gold Biscuits Seized in Guwahati)। ৰেল আৰক্ষীয়ে বুধবাৰে পুৱা ৰাজধানী এক্মপ্ৰেছত তালাচী চলাই জব্দ কৰে ৩৩২ গ্ৰাম সোণ (Gold Biscuit at Rajdhani Express)৷ সোণখিনিৰ লগতে এজন সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে । ধৃত লোকজন তামিলনাডুৰ মহম্মদ মহিউদ্দিন । ডিমাপুৰৰ পৰা তামিলনাড়ুলৈ সোণখিনি সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল মহম্মদ মহিউদ্দিনে । ধৃত লোকজনে পেন্টৰ পকেটত ভৰাই সৰবৰাহ কৰিছিল সোণৰ বিস্কুট দুখন । জব্দ হোৱা সোণখিনিৰ মূল্য প্ৰায় ১৫ লাখ টকা ৷
Last Updated :Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details