অসম

assam

Guwahati Rape case: পুনৰ গুৱাহাটী মহানগৰীত যুৱতীক ধৰ্ষণৰ অপচেষ্টা

By

Published : Jul 18, 2023, 8:53 AM IST

যুৱতীক ধৰ্ষণৰ অপচেষ্টা

বশিষ্ঠ, 18 জুলাই : মহানগৰীৰ লাচিত নগৰত সংঘটিত হৈছে ধৰ্ষণৰ ঘটনা ৷ লাচিত নগৰৰ 8 নং উপ পথত সংঘটিত হৈছে এই ঘটনাটো । সোমবাৰে নিশা প্ৰায় 9 বজাত ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । ভোলা পাঞ্জীয়াৰ নামৰ এজন লোকৰ বিৰুদ্ধে উত্থাপিত হৈছে ধৰ্ষণৰ অভিযোগ ৷  

জানিব পৰা মতে যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে মহানগৰীৰ পদপথত দোকান দি জীৱিকা নিৰ্বাহ কৰে । ব্যৱসায়ত মাক-দেউতাক ব্যস্ত থকাৰ সুযোগ লৈয়ে যুৱতীগৰাকী ঘৰত অকলে থকাত ভোলা পাঞ্জীয়াৰে ঘৰত প্ৰৱেশ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে । লগে লগে যুৱতীগৰাকীয়ে চিঞৰ-বাখৰ লগোৱাত স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হয় । 

ইয়াৰ পিচতে ঘটনাৰ অভিযুক্ত ভোলা পাঞ্জীয়াৰক পল্টন বজাৰ আৰক্ষীক গতায় দিয়ে স্থানীয় লোকে । সম্প্ৰতি পল্টন বজাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক :Opposition Bengaluru meet: 2024ত বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব ৰাহুল গান্ধী !

ABOUT THE AUTHOR

...view details