অসম

assam

Bongaigaon Ganja seized : নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত RPF, GRP ৰ অভিযান

By

Published : Jun 12, 2023, 11:01 PM IST

55 কেজি গাঞ্জা উদ্ধাৰ

নিউ বঙাইগাঁও, 12 জুন : নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত CIB ৰঙিয়া, আৰ পি এফ আৰু নিউ বঙাইগাঁৱৰ জি আৰ পিৰ দলৰ অভিযান ৷ নামনিমুৱা 01666 নং আগৰতলা- ৰাণী কমলাপতি এক্সপ্ৰেছত অভিযান ৷ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ ৰে’লৰ পানীৰ টেংকীত লুকুৱাই আনিছিল গাঞ্জাখিনি ৷ মুঠ 33 টা পেকেটত থকা 55 কেজি গাঞ্জা উদ্ধাৰ কৰে ৷ গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় পাঁচ লাখ পঞ্চাশ হাজাৰ টকা হ’ব ৷ CIB ৰঙিয়া, আৰ পি এফ আৰু নিউ বঙাইগাঁৱৰ জি আৰ পিৰ দলে এক গোপন সূত্ৰৰ পোম খেদি অভিযান চলাইছিল ৷ অৱশ্যে গাঞ্জাৰ লগত কোনো লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই যদিওঁ তদন্ত অব্যাহত ৰাখিছে অভিযানকাৰী দলটোৱে ৷

লগতে পঢ়ক:Ganja seized: কাৰ্বি আংলঙৰ খাকৰাজানত গাঞ্জা জব্দ

ABOUT THE AUTHOR

...view details