অসম

assam

Football Tournament in Nalbari:নৈশ ফুটবল প্ৰতিযোগিতাত ঘোগা আঞ্চলিক ক্ৰীড়া সন্থা চেম্পিয়ন

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 2:51 PM IST

হুছেইন আলী সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

নলবাৰী, ৩১ অক্টোবৰ: নলবাৰীৰ কোহিনুৰ যুৱক সংঘ আৰু পুথিভঁ‌ৰালৰ উদ্যোগত শিলপোতাবৰী খেলপথাৰত চলি থকা হুছেইন আলী সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন সোমবাৰে সন্ধিয়া অনুষ্ঠিত হয় । বামুণবড়ী আঞ্চলিক ক্ৰীড়া সন্থা আৰু ঘোগা আঞ্চিক ক্ৰীড়া সংঘৰ মাজত ফাইনেল খেলখন অনুষ্ঠিত হয় । উক্ত খেলখনত ঘোগা আঞ্চলিক ক্ৰীড়া সংঘই ৩-১ গ'লত বিজয়ী হৈ হুছেইন আলী চূড়ান্ত বঁ‌টা লাভ কৰে । উক্ত ফাইনেল খেলখন উদ্ধোধন কৰে অধিবক্তা চাহিদ চান হকে ।

কোহিনুৰ যুৱক সংঘ আৰু পুথিভঁ‌ৰালৰ সভাপতি চাইফ উদ্দিন আহমেদে সভাপতিত্ব কৰা আৰু সাধাৰণ সম্পাদক শ্বফিউল আহমেদে আঁ‌তধৰা, সহকাৰী সম্পাদক চামচুল আলমে সহযোগ কৰা উদ্বোধনী অনুষ্ঠানটোত বৰভাগ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকা, গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্বীভূষণ ডেকা, জ্যেষ্ঠ সাংবাদিক এম মহিবৰ ৰহমান, সমাজকৰ্মী মজিব আলী, বৰভাগ কলেজৰ অধ্যাপক মুকুট বৈশ্য, উপ-আৰক্ষী অধীক্ষক  মন্টু তালুকদাৰ, কুসুম কুমাৰ বসুমতাৰী, সমাজকৰ্মী ভদ্ৰ ডেকা, কৃতি শিক্ষক গিৰীশ পাটোৱাৰীকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক:Draught weather in Assam :নাৰায়ণপুৰত পানীৰ অভাৱত চন পৰিল শ শ হেক্টৰ কৃষিভূমি

ABOUT THE AUTHOR

...view details