অসম

assam

Fire break out: আতচবাজীৰ ফিৰিঙতিয়ে মাতিলে বিপদ

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 8:16 PM IST

আতচবাজী নে কাল?

মৰিগাঁও, 12 নৱেম্বৰ : সমগ্ৰ ৰাজ্যজুৰি দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে মৰিগাঁৱত অঘটন । দেওবাৰে 4.30 মান বজাত মৰিগাঁও জিলাৰ মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত টেঙাগুৰিৰ সন্তোষ দেউৰীৰ ঘৰত চুবুৰীয়া তিনিটা কিশোৰৰে আতচবাজী জ্বলোৱাৰ সময়তে ওচৰতে থকা মৰাঠাৰিত জুই লাগে । ফলত বৈদ্যুতিক খুঁটাৰ পৰা ঘৰত সংযোগী বৈদ্যুতিক তাঁৰত শ্বট চাৰ্কিট হয় । ইয়াৰ পিচতে মৰাঠাৰিৰ দ’মটোৰ ওচৰতে থকা গোহালি ঘৰটো জুইত ভষ্মীভূত হয় ।

আনহাতে সন্তোষ দেউৰীৰ ঘৰৰ বৈদ্যুতিক তাঁৰত শ্বট চাৰ্কিট হোৱাৰ ফলত পঞ্চাশ মিটাৰমান নিলগত থকা ট্ৰান্সফৰ্মাৰত অগ্নিসংযোগ হয়। ফলস্বৰূপে ট্ৰান্সফৰ্মাৰটো জুইৰ লেলিহান শিখাই আৱৰি ধৰে।

ইফালে একেটা সময়তে দুটাকৈ অগ্নিকাণ্ডৰ ফলত গাঁওখনত আতংকময় পৰিৱেশৰ সৃষ্টি হয় । ইফালে ঘটনাস্থলীত মৰিগাঁও অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ সন্তোষ দেউৰীৰ পৰিয়ালটোক অধিক ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা কৰে । জানিব পৰা মতে মৰিগাঁও শক্তি বিভাগৰ লোক আহি ট্ৰান্সফৰ্মাৰটোৰ ক্ষয়-ক্ষতিৰ বুজ লয়।

লগতে পঢ়ক:Attempt to rape: ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণৰ অপচেষ্টা

ABOUT THE AUTHOR

...view details