অসম

assam

Fire Breakout at Noonmati: নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Aug 8, 2022, 6:13 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

গুৱাহাটীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় (Fire Breakout at Noonmati)৷ নুনমাটিৰ আনন্দ নগৰত সোমবাৰে এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় ৷ জানিব পৰা মতে আনন্দ নগৰৰ বাসিন্দা টুবুল আলী নামৰ লোক এজনৰ তিনিমহলীয়া বাসগৃহটোত থকা প্ৰায় ১৫ টাকৈ তৰ্জা বেৰ সংলগ্ন কোঠাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো ৷ এই অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে জাহ যায় বাসগৃহ কেইটাৰ সকলো বয়বস্তু ৷ ঘটনাস্থলীত প্ৰায় দুখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয় ৷ আগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় লোকৰ তাৎপৰতাত ঘৰটোত জুই নুমাবলৈ সক্ষম হয় ৷ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে ৷
Last Updated :Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details