অসম

assam

Fire Break out: আমগুৰিত বিধ্বংসী অগ্নিকাণ্ড; কথমপি প্ৰাণ ৰক্ষা এজনৰ

By

Published : Jun 22, 2023, 5:13 PM IST

আমগুৰিত বিধ্বংসী অগ্নিকাণ্ড; কথমপি প্ৰাণ ৰক্ষা এজনৰ

আমগুৰি, ২২ জুন : শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ধুনীয়া গাঁৱত বুধবাৰে নিশা এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। আমগুৰি ধুনীয়া গাঁৱৰ নিবাসী তথা সাংবাদিক হেমন্ত কুমাৰ বৰাৰ ভাতৃ সমীৰণ বৰাৰ ঘৰত সংঘটিত এই অগ্নিকাণ্ডত এটা ভঁৰাল ঘৰ সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ লগতে এখন মটৰ চাইকেল আৰু স্কুটি জ্বলি ছাই হৈ যায়। এই অগ্নিকাণ্ডত প্ৰায় সত্তৰ কুইন্টল ধানৰ লগতে মটৰ চাইকেলো জুইত জাহ যায় ৷ নিশা ডেৰ মান বজাত সংঘটিত এই ঘটনাত সমীৰণ নামৰ লোকজন আঘাতপ্ৰাপ্ত হয় ৷ এতিয়ালৈ অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুত সংযোগৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বুলি আশংকা কৰা হৈছে ৷ এই অগ্নিকাণ্ডৰ ঘটনাত প্ৰায় পাঁচ লাখ টকাৰ ক্ষয়-ক্ষতি হয় বুলি জানিব পৰা গৈছে ৷ 

লগতে পঢ়ক:Man Elephant conflict in Assam: কামপুৰত বন্যহস্তীৰ আক্ৰমণত মহিলাসহ আহত দুই

ABOUT THE AUTHOR

...view details