অসম

assam

Eviction in Nalbari: নলবাৰীৰ ভেলামাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান

By

Published : Mar 1, 2023, 12:41 PM IST

বৰক্ষেত্ৰী সমষ্টিত উচ্ছেদ অভিযান

নলবাৰী, ১ মাৰ্চ:ৰাজ্যৰ প্ৰায়ভাগ জিলাত বিগত কেইবাহমাহ ধৰি প্ৰশাসনে উচ্ছেদ অভিযান তীব্ৰতৰ কৰি তুলিছে । দীৰ্ঘদিন ধৰি চৰকাৰী ভূমি বেদখল কৰি আশ্ৰয় লোৱা বেদখলকাৰীক উচ্ছেদ কৰিছে ৰাজ্য চৰকাৰে ৷ বনাঞ্চলৰ ভূমিকে ধৰি, সত্ৰৰ ভূমি বেদখল মুক্ত কৰিবলৈ চৰকাৰে অব্যাহত ৰাখিছে এই উচ্ছেদ অভিযান (Eviction in Assam) ৷ ৰাজ্য়ৰ আন জিলাৰ লগতে নলবাৰীৰো বিভিন্ন ঠাইত একাংশ সন্দেহযুক্ত নাগৰিক আৰু একাংশই অন্যস্থানত ভূমি থকাৰ স্বত্বেও বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি দখল কৰি বসতি স্থাপন কৰি আছে । সেইসমূহ স্থান বেদখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশত নলবাৰী জিলা প্ৰশাসনে উচ্ছেদ অভিযান তীব্ৰতৰ কৰিছে (Encroachment in Nalbari ) ৷ এনে বেদখলকাৰীৰ বিৰুদ্ধে মঙলবাৰে নলবাৰী জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায় ।

জিলাখনৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ২ নং ভেলামাৰী চৰত উচ্ছেদ অভিযান চলালে নলবাৰী জিলা প্ৰশাসনে (Eviction in Bhelamari Char)। একাংশ সন্দেহজনক লোকে নিশাটোৰ ভিতৰতেই চৰাঞ্চলত চৰকাৰী ভূমি বেদখল কৰি সাজিছিল জুপুৰী । নলবাৰী জিলাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ দিশত সন্দহজনক লোকৰ বেদখলত থকা ১৫০ বিঘা ভূমিত মঙলবাৰে জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায় । চৰকাৰী ভূমি বেআইনীভাৱে দখল কৰা ১৫ টাকৈ জুপুৰী উচ্ছেদ কৰি বেলখলমুক্ত কৰে জিলা প্ৰশাসনে । এই অঞ্চলটোত বেদখল হৈ থকা বুলি পূৰ্বৰে পৰা অভিযোগ উত্থাপিত হৈ আহিছিল ।

উল্লেখযোগ্য যে, জিলাখনৰ চৰাঞ্চলৰ বিভিন্ন প্ৰান্তত নিশাটোৰ ভিতৰতেই নতুন নতুন জুপুৰী সাজি এনেদৰে চৰকাৰী ভূমি বেদখল কৰি আহিছে সন্দেহজনক লোকে (Encroachment of suspicious people in Nalbari)। পৰ্যায়ক্ৰমে চৰাঞ্চলত উচ্ছেদ চলাই বেদখলকাৰীৰ পৰা চৰকাৰী ভূমি বেদখলমুক্ত কৰিব বুলি জিলা প্ৰশাসনে সদৰি কৰিছে । এই উচ্ছেদ অভিযানৰ সময়চোৱাত নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈ, বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া উদয় শংকৰ দত্ত বৰক্ষেত্ৰীৰ চৰত উপস্থিত থাকে ।

লগতে পঢ়ক:Assam cabinet decisions: ৫০০ খন চাহ বাগিছাত পাতিব মহাপ্রভু জগন্নাথৰ নামত সামূহিক ভৱন তথা দক্ষতা বিকাশ কেন্দ্ৰ

ABOUT THE AUTHOR

...view details