ETV Bharat / state

Assam cabinet decisions: ৫০০ খন চাহ বাগিছাত পাতিব মহাপ্রভু জগন্নাথৰ নামত সামূহিক ভৱন তথা দক্ষতা বিকাশ কেন্দ্ৰ

author img

By

Published : Feb 28, 2023, 9:52 PM IST

ৰাজ্যৰ চহা বাগিচাসমূহৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে ৷ অসমৰ চাহ শিল্পৰ দুশ বৰ্ষপূৰ্তি উপলক্ষ্যে ৫০০ খন চাহ বাগিছাত একোটাকৈ অত্যাধুনিক ‘মহাপ্রভু জগন্নাথ সামূহিক ভৱন তথা দক্ষতা কেন্দ্ৰ’ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ (Cabinet meeting decision about Tea estates)।

Decision of cabinet meeting
ৰাজ্যৰ চাহ বাগিচাসমূহৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

ৰাজ্যৰ চাহ বাগিচাসমূহৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

গুৱাহাটী,২৮ ফেব্ৰুৱাৰী: দিছপুৰ জনতা ভৱনত মঙলবাৰে ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় সাপ্তাহিক কেবিনেট বৈঠক (Assam Cabinet meeting) । কেবিনেটত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

কেবিনেট বৈঠকৰ অন্তত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Assam minister Keshab Mahanta) সাংবাদিকমেলৰ জৰিয়তে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ একাংশ সদৰী কৰে । আজিৰ কেবিনেটে চাহ বাগিচাত যুৱ দক্ষতা বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে (Assam cabinet decisions)।

মন্ত্ৰীগৰাকীয়ে কয় যে, অসমৰ চাহ শিল্পৰ দুশ বৰ্ষপূৰ্তি উপলক্ষ্যে ৫০০ খন চাহ বাগিছাত একোটাকৈ অত্যাধুনিক ‘মহাপ্রভু জগন্নাথ সামূহিক ভৱন তথা দক্ষতা বিকাশ কেন্দ্ৰ’ স্থাপন কৰা হ'ব (Cabinet meeting decision about Tea estates)। এই আঁচনিৰ প্ৰথম পৰ্যায়ৰ অধীনত চাহ বাগিচাত ৫০০টা জগন্নাথ সামূহিক ভৱন তথা দক্ষতা কেন্দ্র নির্মাণৰ বাবে ৭৫০ কোটি টকা কেবিনেটে মোকলাই দিয়ে । এই প্রকল্পই বিভিন্ন সাংস্কৃতিক আৰু সম্প্ৰদায়ৰ প্ৰয়োজনীয়তাৰ দিশত প্ৰতিখন চাহবাগিচাৰ লগতে সামূহিক কেন্দ্রসমূহত দক্ষতাৰ সুবিধা প্রদান কৰি চাহ বাগিচা সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া প্ৰয়োজনীয়তা পূৰণ কৰিব ।

আনহাতে, কেবিনেটত ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীৰ ‘আপোন ঘৰ’ আঁচনিৰ অধীনত ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে সূত সাহায্যৰ প্ৰয়োজনীয়তা পূৰণৰ হেতুকে ১০৪.৫৭ কোটি টকাৰ অনুমোদন দিয়া হৈছে । ইতিমধ্যে গৃহ নিৰ্মাণৰ বাবে প্ৰতিজন বিষয়া-কৰ্মচাৰীক ২০ লাখ টকাৰ ঋণ দিয়া হৈছে । এতিয়ালৈকে ৰাজ্য চৰকাৰৰ ৩৬,১৫৯ গৰাকী বিষয়া-কৰ্মচাৰীয়ে এই ঋণ গ্ৰহণ কৰিছে ৷ এই আঁচনিৰ বাবে চৰকাৰে এতিয়ালৈ ৫ হাজাৰ কোটি টকা আৱণ্টন কৰিছে । এই আঁচনিখন নিয়মিতভাৱে চলি থাকিব ৷ আগন্তুক 15 বছৰৰ বাবে এই ঋণ ধাৰ্য কৰা হৈছে ৷

ইয়াৰোপৰি কেবিনেটত ভূমি সংৰক্ষণ সেৱা নীতিৰ ক্ষেত্রতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ভূমি সংৰক্ষণ বিভাগত প্রশাসন ব্যৱস্থা সুশৃংখলিত কৰাৰ লক্ষ্যৰে অসম ভূমি সংৰক্ষণ সেৱা নীতি, ২০২৩ত আজিৰ কেবিনেটে অনুমোদন জনায় । ইয়াৰ ফলত বিভাগটোৰ বিভিন্ন বিভাগৰ বিষয়াৰ (গেজেটেড) পদোন্নতি আৰু নিযুক্তিৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰণ কৰা হ'ব । এই পদক্ষেপে কৰ্মচাৰীসকলক প্ৰেৰণা যোগোৱাৰ লগতে সেৱা বিষয়ক অসুবিধাসমূহ আঁতৰ কৰিব বুলি স্বাস্থ্যমন্ত্ৰী মহন্তই মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: Assam cabinet decisions: উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ সমপৰ্যায়ৰ কৰা হ’ল পলিটেকনিক ডিপ্ল’মাৰ পাঠ্যক্ৰম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.