অসম

assam

Durga Puja 2023 : চিলাপথাৰৰ ঐতিহাসিক চিলাসুঁতি তাম্ৰেশ্বৰী আইথানত ভক্তৰ ভিৰ

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 11:08 PM IST

মহা নৱমী

জোনাই, 23 অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ মহা নৱমীৰ দিনটোত পুৱাৰ পৰাই লোকে লোকাৰণ্য হৈ পৰে চিলাপথাৰ‌ৰ সকলো পূজা মণ্ডপ ৷ 1905 চনতে স্থাপিত চিলাপথাৰ চিলাসুঁতি তাম্ৰেশ্বৰী আই থানত এইবাৰো সম্পন্ন কৰা হয় বলি-বিধান ৷

দেৱীৰ তুষ্টিৰ বাবে দুটা দিনে উচৰ্গা কৰা হয় অসংখ্য হাঁহ,পাৰ আৰু ছাগলী ৷ সোমবাৰে মহা নৱমীৰ দিনাও পৰম্পৰাৰ দোহাই দি থানত বলি দিয়া হ'ল এটা ম'হ ৷ অমংগল নাশি কুশল-মংগল কামনাৰে আশীৰ্বাদ বিচাৰি দেৱীমাৰ চৰণত অৰ্পন কৰা হ'ল অবোধ পশু ৷ বলি-বিধান চাবলৈ তাম্ৰেশ্বৰী আই থানত অজস্ৰ লোক সমবেত হোৱা পৰিলক্ষিত হয় ৷ 

ABOUT THE AUTHOR

...view details