অসম

assam

লুৰীণজ্যোতি গগৈক ঠগিলে কা আন্দোলনকাৰীয়ে: ডঃ হীৰেণ গোঁহাই

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 7:13 PM IST

লুৰীণজ্যোতি গগৈক ঠগিলে কা আন্দোলনকাৰীয়ে; ডঃ হীৰেণ গোঁহাই

গুৱাহাটী, ১৯ ডিচেম্বৰ : 'কা' আন্দোলন সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাক পুনৰ সমালোচনা কৰিছে বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেণ গোঁহায়ে । লগতে সমালোচনা কৰিছে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সহিতে আছু নেতৃবৃন্দক । উল্লেখ্য যে কিছুদিন পূৰ্বে ডঃ হীৰেণ গোঁহায়ে 'কা' আন্দোলন সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্যক সমালোচনা কৰিছিল ।

আনহাতে, ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই হীৰেণ গোঁহায়ে কৰা মন্তব্যক গোকাট মিছা আখ্যা দিছিল । এইবাৰ সমুজ্জ্বল ভট্টাচাৰ্যৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হীৰেণ গোঁহায়ে । তেওঁ কয়, "মই মোৰ স্থিতিত আজিও অটল । চানমাৰি ফিল্ডত আছুৱে কৰা 'কা' আন্দোলন সন্দৰ্ভত মই তেতিয়াৰে পৰা সমালোচনা কৰি কৈছিলোঁ এইবোৰ সমুজ্জ্বলহঁতে কি কৰিছে ?"

আনহাতে, সেই সময়ৰ আন্দোলনৰ একাংশ নেতাই লুৰীণজ্যোতি গগৈক ঠগা বুলিও মন্তব্য কৰে ডঃ গোঁহায়ে । ইফালে দীপাংক কুমাৰ নাথ বিজেপিলৈ যাব বুলি ওলোৱা খবৰ সন্দৰ্ভতো ডঃ হীৰেণ গোঁহায়ে মন্তব্য কৰি কয় সেই সময়ত লুৰীণজ্যোতিৰ একেবাৰে লগত আছিল দীপাংক নাথ । আছুৰ সমৰ্থনতে নতুন দল গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল । কিন্তু পৰৱৰ্তী সময়ত ৰাজনৈতিক দল খোলাৰ পিছত লুৰীণজ্যোতিৰ পৰা দূৰত্ব গ্ৰহণ কৰে দীপাংক নাথকে ধৰি আছুৰ নেতাসকলে ।

লগতে পঢ়ক :প্ৰস্তাৱিত মাৰ্ঘেৰিটা তাপ বিদ্যুৎ প্ৰকল্প ৰূপায়ণত অনিশ্চয়তা

ABOUT THE AUTHOR

...view details