অসম

assam

Dimasa Martyr Sambodhan Fanglo: মৃত্যুবাৰ্ষিকীত ডিমাছা বীৰ সম্বোধন ফংল’ক স্মৰণ

By

Published : Feb 12, 2023, 5:25 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

Diphu

ডিফু, ১২ ফেব্ৰুৱাৰী : আজি ডিমাচাসকলৰ বীৰ শ্বহীদ সম্বোধন ফংল'ৰ ১৪০ সংখ্যক মৃত্যুবাৰ্ষিকী (Dimasa veer shwahid Sambodhan Fanglo) । এই উপলক্ষে দেওবাৰে সমগ্ৰ ৰাজ্যজুৰি ডিমাচা জনজাতিৰ লোকসকলে এইগৰাকী বীৰ শ্বহীদক শ্ৰদ্ধাৰে স্মৰণ কৰে (Dimasa Martyr Sambodhan Fanglo death anniversary) । 

আনহাতে, অসমৰ বিভিন্ন প্ৰান্তৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ডিফুৰ সমীপৰ মিথিফাঙতো ডিমাচা সাহিত্য সভা (Dimasa Sahitya Sabha), কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত স্বাধীনতা সংগ্ৰামী বীৰ শ্বহীদ সম্বোধন ফংল'ৰ ১৪০ সংখ্যক মৃত্যুবাৰ্ষিকী পালন কৰা হয় ৷

এই উপলক্ষে অনুষ্ঠিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত ডিমাচা সাহিত্য সভাৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে (Sambodhan Fanglo remembering at Diphu Karbianglong) । ডিমাচা সাহিত্য সভাৰ বিভিন্ন বিষয়ববীয়াই বীৰ শ্বহীদ ফংল'ৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰি বীৰ শ্বহীদগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ আনহাতে, এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ডিমাচা সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ফণীভূষণ হাফলংবাৰে এইগৰাকী বীৰ শ্বহীদৰ ইতিহাসক শ্ৰদ্ধাৰে স্মৰণ কৰে ।

তেওঁ লগতে ডিমাচা বীৰ সম্বোধন ফংল'ৰ স্বাধীনতা সংগ্ৰামৰ ইতিবৃত্তৰ লগতে দেশৰ সাৰ্বভৌমত্ব আৰু জাতিক ৰক্ষা কৰিবলৈ কেনেদৰে পৰাক্ৰমেৰে ব্ৰিটিছৰ সৈতে যুঁজি শ্বহীদ হৈছিল তাৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে ৷ আনহাতে, সভাপতিগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰি কয় যে, এইজনা ডিমাচা শ্বহীদ বীৰ পুৰুষ সম্বোধন ফংল'ৱে বহুত পলমকৈ শ্বহীদৰ স্বীকৃতি লাভ কৰে ৷

উল্লেখ্য যে, ডিমাচা বীৰ শ্বহীদ সম্বোধন ফাংল'ৰ মৃত্যুবাৰ্ষিকী উপলক্ষে দেওবাৰে পুৱাৰ ভাগতে মিথিফাঙত ডিমাচা সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদক সত্যব্ৰত কেম্প্ৰায়ে আঁত ধৰা সভাত উপস্থিত থাকে ক্ৰমে ডিমাচা সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ফণীভূষণ হাফলংবাৰ, সম্পাদক নিৰ্মল ডিফুছা, কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা নজেন্দ্ৰ নুনিছা, ডিলাজী মিথিফাং গাঁৱৰ চৰকাৰী গাঁওবুঢ়া ৰাজেশ ফংল'ছা, গাঁওবুঢ়া দৰপ'জাই ফংল'ছা আৰু জিলা তথ্য আৰু আৰু জনসংযোগ বিষয়া উৎপল ডিমাচা ৷ 

লগতে পঢ়ক :Sankardev Sangha Conference : আতা সমন্বয় ক্ষেত্ৰত লক্ষাধিক ভকত বৈষ্ণৱৰ বিশাল শোভাযাত্ৰা

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

...view details