অসম

assam

বছৰৰ প্ৰথমটো দিনত মহাদেৱৰ আশীষ বিচাৰি মন্দিৰত ভিৰ

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 1:56 PM IST

মহামৃত্যুঞ্জয় মন্দিৰত ভিৰ

নগাঁও, ১ জানুৱাৰী: কেলেণ্ডাৰৰ পৰা আৰু এটা বছৰে মাগিলে মেলানি ৷ আজি পহিলা জানুৱাৰী ৷ আজিৰ এই বিশেষ দিনটো পুৱাৰ সুকোমল সূৰুযৰ পৰশত নতুন আশা,ন-উদ্যমেৰে ২০২৪ বৰ্ষতো আৰম্ভ কৰিছে ৰাইজে ৷ নিজৰ লগতে নিজৰ পৰিয়াল কুটুম্বৰ মংগল কামনাৰে ৰাজ্য়ৰ বিভিন্ন মঠ মন্দিৰ, সত্ৰ নামঘৰত ভিৰ কৰিছে ।  

নতুন বছৰটোত আদৰাৰ নামত কোনোবাই যদি বনভোজৰ আয়োজন কৰিছে আন কোনোবাই আকৌ বছৰটোৰ মংগল কামনাৰে নেদেখাজনৰ আশীষ বিচাৰিছে । নগাঁৱৰ পুৰণিগুদাম ভেৰভেৰিস্থিত মহামৃত্যুঞ্জয় মন্দিৰতো বছৰৰ প্ৰথম দিনটোত দেখা গৈছে বিভিন্নজনৰ ভিৰ। মহাদেৱৰ আশীষ বিচাৰি সৰ্বোচ্চ লিংগাকাৰৰ মহামৃত্যুঞ্জয় মন্দিৰত পুৱাৰ পৰাই বিভিন্নজনে উপস্থিত হৈ বজাৰটোৰ মংগল কামনাৰে মহাদেৱৰ পূজা অৰ্চনাত ব্ৰতী হৈছে ।

লগতে পঢ়ক:নিজক শিল্পকৰ্মক জীয়াই ৰাখিবলৈ সহায়ৰ হাত লাগে এদল মৃৎশিল্পীক

ABOUT THE AUTHOR

...view details