ETV Bharat / state

নিজক শিল্পকৰ্মক জীয়াই ৰাখিবলৈ সহায়ৰ হাত লাগে এদল মৃৎশিল্পীক

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 12:36 PM IST

Pottery industry in Rangia: প্ৰশিক্ষণ আৰু সা সুবিধা অবিহনেই ৰঙিয়াৰ পালবস্তীৰ মহিলাই প্ৰস্তুত কৰিছে মাটিৰ চাকি । এতিয়া চাকি বনোৱা কামত লাভৰ পৰিমাণ কমি অহাত সন্মুখীন হৈছে সমস্য়াৰ ।

Pottery industry in Assam
ৰঙিয়াৰ পালবস্তীৰ মৃৎশিল্পী

ৰঙিয়াৰ পালবস্তীৰ মৃৎশিল্পী

ৰঙিয়া,১ জানুৱাৰী: কামৰ সৰু বৰ নাই । সৎ পথত থাকি ধন ঘটিব পৰা প্ৰতিখন কৰ্মক্ষেত্ৰকেই শ্ৰদ্ধা কৰা উচিত । এই কথাকে সৰোগত কৰি নীৰৱে কৰ্ম কৰি জীৱন নিৰ্বাহ কৰিবলৈ চেষ্টা অব্য়াহত ৰাখিছে ৰঙিয়াৰ এদল মহিলাই । এইসকল মহিলা হৈছে ৰঙিয়াৰ পালবস্তীৰ । বঙালী সম্প্ৰদায়ৰ এইসকল মহিলাৰ বেছিভাগেই অসমৰ বিভিন্ন ঠাইৰ পৰা বিয়া হৈ এই অঞ্চলটোলৈ আহিছিল । সময়ৰ গতিত আৰ্থিক অনাটনত পৰি প্ৰথমে কেইগৰাকীমান মহিলাই মাটিৰ চাকি প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে । সময় অতিবাহিত হোৱাৰ পিছত অঞ্চলটোৰ আন আন মহিলা সকলেও মাটিৰ চাকি প্ৰস্তুত কৰিবলৈ লয় ।

প্ৰশিক্ষণ আৰু সা সুবিধা অবিহনেই এইসকল মহিলাই বিগত কেইবাবছৰ ধৰি মাটিৰ চাকি প্ৰস্তুত কৰি আহিছে । চাকি সমূহ বেপাৰীয়ে ঘৰৰ পৰাই কিনি লৈ গৈ ৰঙিয়াৰ লগতে নলবাৰী, কমলপুৰ, গুৱাহাটীৰ বজাৰত বিক্ৰী কৰি আহিছে । পিছে অশেষ কষ্ট কৰা এইসকল মহিলাই লাভ কৰা নাই উচিত মূল‍্য । ইফালে, চাকি প্ৰস্তুত কৰিবলৈ বিশেষ মাটিও আনিব লাগে বৰপেটাৰ পৰা । ঘৰ চলাবলৈ স্বামীক সহায়ৰ হাত আগবঢ়োৱা মহিলাসকলে এতিয়া চাকি বনোৱা কামত লাভৰ পৰিমাণ কমি অহা বাবে অসুবিধাৰ সন্মুখীন হৈছে ।

প্ৰত্য়াহ্বানৰ মাজতো মহিলা সকলৰ মৃৎশিল্পৰ কামতেই আৰু আগুৱাই যাবলৈ মন । প্ৰশিক্ষণ অবিহনে কাম কৰি থকা মহিলা সকলে মাটিৰ পৰা আৰু বেলেগ বেলেগ সামগ্ৰী নিৰ্মাণৰ বাবে আগ্ৰহী । তেওঁলোকে উল্লেখ কৰা মতে, মাটিৰ চৰু আৰু বাচন প্ৰস্তুতৰ লগতে বিভিন্ন ধৰণৰ ফুলদানি আৰু গৃহসজ্জাৰ সামগ্ৰী মাটিৰে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে । পিছে মুলধন, প্ৰশিক্ষণ আৰু ইয়াৰ বাবে ব‍্যৱহাৰ হোৱা সজুলিৰ অভাৱত মহিলা সকলে আগবাঢ়িব পৰা নাই ।

যদিহে চৰকাৰ তথা প্ৰশাসনে মহিলা সকলক প্ৰশিক্ষণৰ লগতে কিছু পৰিমাণে সুবিধা আগবঢ়ায় তেতিয়াহ'লে এইসকল মহিলাই মৃৎশিল্পৰ জৰিয়তে নিজৰ লগতে অঞ্চলটোৰ নাম লেখত লবলগীয়া কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰিব পাৰি । মৃৎশিল্পৰ লগত জড়িত অঞ্চলটোৰ প্ৰায় ষাঠি গৰাকী মহিলাই চৰকাৰ তথা প্ৰশাসনলৈ অনুৰোধ জনাইছে তেওঁলোকক সহায়ৰ হাত আগবঢ়াবলৈ । এইসকল মহিলাৰ একক প্ৰচেষ্টাত এদিন ৰঙিয়াৰ অতি ভিতৰুৱা অঞ্চল পালবস্তী এদিন লেখত ল'বলগীয়া মৃৎশিল্পীৰ স্থান হবগৈ বুলি আশা কৰিব পাৰি ।

লগতে পঢ়ক:৫১ ইঞ্চি উচ্চতাৰ ৰাম লল্লাৰ মূৰ্তি স্থাপন হ’ব ৰাম মন্দিৰৰ গৰ্ভগৃহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.