অসম

assam

CM on Qurbani on Eid: অন্য ধৰ্মাৱলম্বীৰ মনত আঘাত দি কুৰ্বানি নিদিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ

By

Published : Jul 9, 2022, 5:11 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ওপৰত অযুত বিশ্বাস আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ ঈদৰ কুৰ্বানি প্ৰসংগত এই কথা জানিবলৈ দি মুখ্যমন্ত্ৰীগৰাকীয়ে ঈছলাম ধৰ্মাৱলম্বী লোকসকলৰ প্ৰতি আহ্বান জনাই কয় যে, তেওলোকে যাতে আন ধৰ্মৰ লোকৰ মনত আঘাত দি গৰু কুৰ্বানি নিদিয়ে (CM urged people not to hurt other religions) ৷ অন্য ধৰ্মাৱলম্বী লোক নথকা অঞ্চলত পৰম্পৰা অনুসৰিয়েই ঈদ উদযাপন কৰিব পাৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে গৰু কুৰ্বানি দিয়াৰ ক্ষেত্ৰত(Islamic ritual sacrifice) আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ ঈদৰ সময়ত গো-সুৰক্ষা আইন(Cattle preservation Act) মানি চলিবলৈ আহ্বান জনাই ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷
Last Updated :Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

...view details