অসম

assam

Robbery incident: গণেশ পূজাৰ আনন্দ উল্লাসৰ মাজতেই যোৰহাটৰ মাজমজিয়াত ডকাইতি কাণ্ড

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 7:04 PM IST

ডকাইতি কাণ্ড

যোৰহাট, 21 ছেপ্টেম্বৰ:এইবাৰ গণেশ পূজাৰ আনন্দ উল্লাসৰ মাজতেই যোৰহাট নগৰৰ মাজমজিয়াত সংঘটিত হ’ল এক ভয়ংকৰ ডকাইতি । যোৰহাটৰ যুৱ ব্যৱসায়ী মৃগাংক বৰুৱাই নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠান পৰা ঘৰলৈ ওভতাৰ পথতেই সংঘটিত হয় এক শিহৰণকাৰী ঘটনাৰ ৷ 

বুধবাৰে নিশা প্ৰায় ১০.৩০ বজাত নিজৰ দোকান বন্ধ কৰি যোৰহাট ঠাকুৰবাৰীৰ ওচৰত গাড়ী ৰখাই ঘৰৰ খাদ্য সামগ্ৰী সংগ্ৰহ কৰি থাকোঁতেই তিনিজনীয়া অচিনাক্ত যুৱকৰ দলে এখন হালধীয়া ৰঙৰ স্কুটী লৈ আহি উপৰ্যুপৰি আক্ৰমণ চলোৱাৰ চেষ্টা কৰে তেওঁক । তিনিওজন যুৱকে মৃগাংক বৰুৱাৰ গাড়ীখনৰ গ্লাচ ভাঙি দিয়াৰ লগতে নগদ এক লাখ টকা আৰু মৃগাংক বৰুৱাৰ ডিঙিৰ পৰা সোণৰ চেইন চিঙি লৈ উধাও হয় ।

নগৰ মাজমজিয়াত সংঘটিত হোৱা এই ঘটনাটোৱে ভবাই তুলিছে সকলোকে ৷ যোৰহাট জিলা প্ৰশাসনে দৰাচলতে কৰিছে কি ? গণেশ পূজাৰ আনন্দ উছাহৰ মাজতো নিশা ১০.৩০ বজাত যোৰহাটৰ নগৰ মাজমজিয়াৰ এটা ব্যস্ত ৰাজপথত কেনেদৰে এই কাণ্ড সংঘটিত কৰিবলৈ সাহস পালে তাকে লৈ এতিয়া প্ৰশ্নৰ উদয় হৈছে ।  সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰি অতি সোনকালে দোষীক কৰায়ত্ত কৰিবলৈ ভুক্তভোগী মৃগাংক বৰুৱাই আহ্বান জনায় ।

লগতে পঢ়ক :Robbery incident: নাৰেংগীত দিন ডকাইতি; পালচাৰ বাইকত অহা দুজনীয়া দুৰ্বৃত্তই কাঢ়ি নিলে টকা ভৰ্তি বেগ

ABOUT THE AUTHOR

...view details