অসম

assam

Body recovered in Barpeta: দুদিনৰ পিছত পুখুৰীত উদ্ধাৰ হ’ল কৃষ্ণৰ মৃতদেহ

By

Published : Jul 29, 2022, 1:35 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

বৰপেটাৰ নগাঁৱত চাঞ্চল্যকৰ ঘটনা ৷ দুদিন ধৰি নিখোজ হৈ থকা কৃষ্ণ পাঠক নামৰ যুৱকজনৰ মৃতদেহ অৱশেষত উদ্ধাৰ কৰা হয় (Body recovered in Barpeta)৷ যোৱা দুদিন ধৰি বহু বিচাৰ-খোচাৰ কৰিও যুৱকজনৰ সন্ধান উলিয়াব পৰা নাছিল পৰিয়ালৰ লোকে ৷ অৱশেষত শুকুৰবাৰে পুৱা নগাঁৱৰ দামোৰাবোৱা অঞ্চলৰ এটা পুখুৰীত উদ্ধাৰ কৰা হয় যুৱকজনৰ মৃতদেহ ৷ পানীত উপঙি থকা অৱস্থাত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে লগালে হুৱাদুৱা ৷ ঘটনাস্থলীত বৰপেটা আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ ইফালে কৃষ্ণক কোনো লোকে হত্যা কৰি পুখুৰীত পেলাই থোৱা বুলি অভিযোগ কৰে পৰিয়ালৰ লোকে ৷
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details