অসম

assam

BJP critisized Manish Sisodia : মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে চিছোদিয়াই অনা অভিযোগ ভিত্তিহীন: বিজেপি

By

Published : Dec 13, 2022, 5:12 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনিষ চিছোদিয়াক ধিক্কাৰ বিজেপি অসম প্ৰদেশৰ(BJP Assam Pradesh critisise Manish Sisodia) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কোনো ধৰণৰ অপপ্ৰচাৰত লিপ্ত নহ'বৰ বাবে আম আদমি পাৰ্টিক সকীয়াই দিয়ে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কল্যাণ গগৈয়ে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে চিছোদিয়াই অনা অভিযোগ ভিত্তিহীন বুলি কয় বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ কল্যাণ গগৈয়ে(BJP state spokesperson) ৷ অসমৰ মুখ্যমন্ত্ৰীক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে ভিত্তিহীন অভিযোগ আপ দলে আনিছিল বুলি ৰাজ্যিক মুখপাত্ৰ কল্যাণ গগৈয়ে কয় ৷ গুজৰাট (Gujrat election 2022) আৰু হিমাচলৰ (Himachal Pradesh election 2022) জনসাধাৰণে ইতিমধ্যে আপৰ সস্তীয়া ৰাজনীতিক নস্যাৎ কৰাৰ কথা উল্লেখ কৰি অসমৰ জনসাধাৰণেও আপক অনাগত নির্বাচনসমূহত এসেকা দিব বুলি গগৈয়ে মত পোষণ কৰে ৷ আপৰ সস্তীয়া প্ৰচাৰ প্ৰক্ৰিয়া অসমৰ জনসাধাৰণে ইতিমধ্যে বুজি উঠিছে বুলিও বিজেপিৰ মুখপাত্রজনে কয় । ইতিমধ্যে উচ্চতম ন্যায়ালয়েও দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনিষ চিছোদিয়াক সকীয়নি প্ৰদান কৰিছে বুলি কয় বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে(SC rejects Manish Sisodias plea to quash defamation case filed by Assam CM Sarma) ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

...view details