অসম

assam

New Education Policy 2020:নতুন শিক্ষানীতিক লৈ বৰপেটা কেন্দ্ৰীয় বিদ্যালয়ত অধ্যক্ষৰ সংবাদ মেল

By

Published : Jul 27, 2023, 5:29 PM IST

ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০

বৰপেটা, ২৭ জুলাই :কেন্দ্ৰীয় বিদ্যালয়সমূহত ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ বলৱৎ ত্বৰান্বিত কৰা হয় । যিহেতু এই শিক্ষানুষ্ঠানসমূহ প্ৰত্যক্ষভাৱে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সেয়েহে শিক্ষানীতিৰ বিভিন্ন পৰ্যায়ত পাইলট প্ৰকল্প হিচাপে এনে বিদ্যালয়বোৰত প্ৰয়োগ আৰম্ভ কৰা হৈছে । তাৰ অংশ হিচাপে দেশৰ নিৰ্বাচিত ৪৫০ খন শিক্ষানুষ্ঠানৰ ভিতৰত বৰপেটা কেন্দ্ৰীয় বিদ্যালয়তো এইবাৰৰ পৰা "বাল ভাটিকা" নামৰ পৰ্যায়টো আৰম্ভ কৰা হৈছে বুলি আজি এক সংবাদমেলত সদৰী কৰে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ কঞ্জলোচন পাঠকে ।

অধ্যক্ষৰ কাৰ্যালয় কক্ষত আয়োজিত সংবাদমেলখনত অধ্যক্ষগৰাকীয়ে সদৰী কৰে যে ছয় বছৰত প্ৰথম শ্ৰেণীত নামভৰ্তিৰ পূৰ্বে তিনি, চাৰি আৰু পাঁচ বছৰ বয়সৰ শিশুৰ বাবে এই বাল ভাটিকা শ্ৰেণী প্ৰস্তুত কৰা হৈছে । খেল ধেমালিৰ মাধ্যমেৰে শিশুক বিদ্যালয় শিক্ষাৰ প্ৰতি আগ্ৰহান্বিত কৰাৰ লগতে তেওঁলোকৰ শাৰীৰিক-মানসিক বিকাশৰ বিভিন্ন কাৰ্যসূচী বাল ভাটিকা স্তৰত ৰূপায়ণ কৰা হ’ব ।

অধ্যক্ষগৰাকীয়ে লগতে কয় যে বৰপেটা কেন্দ্ৰীয় বিদ্যালয়ত নতুন শিক্ষানীতিৰ অধীনৰ বিদ্যা প্ৰৱেশ, দক্ষতা বিকাশ, নিপুণ ভাৰত আদিৰো ৰূপায়ণ আৰম্ভ কৰা হৈছে । এই সকলোবোৰৰ জৰিয়তে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত লুকাই থকা সামৰ্থসমূহ উলিয়াই অনা হ’ব আৰু এয়াই ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰ অন্যতম মূল লক্ষ্য ।

লগতে পঢ়ক :Theatre Surjya 2023-24 : থিয়েটাৰ সূৰ্য্যৰ শিবিৰত চলিছে চলিত নাট্যবৰ্ষৰ বাবে পূৰ্ণোদ্যমে আখৰা

ABOUT THE AUTHOR

...view details