অসম

assam

মঙলদৈ গ্ৰন্থমেলা-২০২৩ উদ্বোধন কৰিলে পদ্মশ্ৰী সূৰ্যকান্ত হাজৰিকাই

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 10:53 PM IST

মঙলদৈ গ্ৰন্থমেলা ২০২৩

দৰং, 20 ডিচেম্বৰ : ‘‘ এটা সময় আছিল অসমত এহাজাৰ গ্ৰন্থ প্ৰকাশ পাবলৈ এশ বছৰ লাগিছিল । এতিয়া এনে সময় আহিল যে এক বা দুই বছৰতে সহস্ৰাধিক গ্ৰন্থ অসমীয়া ভাষাত প্ৰকাশ পায় । কিন্তু দুৰ্ভাগ্যৰ কথা যে ইয়াৰ হিচাপ ৰাখোতা নাই, যাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত এই খবৰ প্ৰচাৰ নহয় । সেয়ে আমাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰকাশ পোৱা গ্ৰন্থৰ হিচাপ ৰাখিবলৈ এখন গ্ৰন্থপঞ্জী প্ৰকাশ কৰাটো অতি প্ৰয়োজন হৈছে ।’’ এই ভাষ্য অসম সাহিত্য সভাৰ সভাপতি,পদ্ম সন্মানেৰে সন্মানিত ড৹ সূৰ্যকান্ত হাজৰিকাৰ ।

উল্লেখ্য যে আজিৰে পৰা মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ সহযোগত স্থানীয় গান্ধী ময়দানত অনুষ্ঠিত হৈছে মঙলদৈ গ্ৰন্থমেলা-২০২৩ ৷ উক্ত গ্ৰন্থমেলা উদ্বোধন কৰি ড৹ হাজৰিকাই কয়, ‘‘ আমাৰ ভাষাত যি হাৰত পুথি প্ৰকাশ বৃদ্ধি পাইছে তাৰ বিপৰীত হাৰত পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পাইছে । এনে নেতিবাচক বাতাবৰণৰ অৱসানৰ বাবে নতুন প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ বাবে সজাগতা সৃষ্টি কৰাটো অতি প্ৰয়োজন হৈছে ।’’  

মঙলদৈ প্ৰেছ ক্লাবৰ প্ৰয়াসক তেওঁ ভূয়সী প্ৰশংসা কৰি তেওঁ কয় ‘‘ মঙলদৈ গ্ৰন্থমেলাই গ্ৰন্থ প্ৰকাশ, বিক্ৰী আৰু অধ্যয়নৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে আৰু সজাগতা সৃষ্টিত প্ৰভূত অৰিহনা যোগাইছে ।’’

লগতে পঢ়ক:কোকৰাঝাৰ পুনঃনিৰ্মিত বাথৌ মন্দিৰ উদ্বোধন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details