অসম

assam

কঠিয়াতলীত অবৈধভাৱে সংযোগ কৰা কেবল জব্দ শক্তি বিভাগৰ, গোচৰ ৰুজু

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 12:55 PM IST

কঠিয়াতলীত বিদ্যুৎ বিভাগৰ LT কেবল চুৰি

বঢ়মপুৰ,২৫ নৱেম্বৰ: বিদ্যুৎ বিভাগৰ LT কেবল চুৰি কৰি এইবাৰ বিভাগীয় কৰ্তৃপক্ষৰ ৰোষত পৰিল এজন লোক। ইতিমধ্য়ে এই সন্দৰ্ভত কচুৱাৰ প্ৰমিলা জাৰণিৰ জামালুদ্দিন নামৰ লোকজনৰ বিৰুদ্ধে কচুৱা থানাত গোচৰ ৰুজু কৰিছে কঠিয়াতলী বৈদ্যুতিক উপ-সংমণ্ডলে। যোৱা ২১ নৱেম্বৰত কঠিয়াতলী বিদ্যুৎ উপ সমণ্ডলৰ এছ ডি অ' প্ৰাঞ্জল ফুকনৰ নেতৃত্বত যোৱা এটা দলে জামালুদ্দিনৰ ঘৰত বিসংগতি পোৱাত বিদ্যুৎ কৰ্তন কৰাক লৈ দুয়োপক্ষৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ । তাৰ পাছতেই ওলাই পৰে এই ঘটনাটোৰ ৰহস্য ।

জামালুদ্দিনে চুৰি কৰি বিভাগীয় LT কেবল অবৈধভাৱে নিজৰ ঘৰত সংযোগ কৰি লোৱাৰ বিষয়ে অৱগত হয় বিভাগীয় লোকসকল । পৰবৰ্তী সময়ত অবৈধভাৱে সংযোগ কৰা কেবল সমূহ জব্দ কৰে সংশ্লিষ্ট বিভাগটোৱে । ইফালে, জামালুদ্দিনৰ পত্নীক শক্তি বিভাগৰ কৰ্মচাৰীয়ে শাৰীৰিকভাৱে প্ৰহাৰ কৰা অভিযোগ উত্থাপন কৰিছে জামালুদ্দিনৰ পৰিয়ালৰ লোকে । কিন্তু এই অভিযোগক নসাৎ কৰিছে কঠিয়াতলী বৈদ্যুতিক উপ-সংমণ্ডলৰ এছ ডি অ' গৰাকীয়ে । উল্লেখ্য যে এই ঘটনা সন্দৰ্ভত কচুৱা থানাত দুটাকৈ গোচৰ ৰুজু কৰিছে সংশ্লিষ্ট বিভাগটোৱে । 

ABOUT THE AUTHOR

...view details