অসম

assam

কংগ্ৰেছে বন্দুকৰ আগত যুঁজিবলগীয়া হৈছে: ভূপেন বৰা

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 9:46 PM IST

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

শিৱসাগৰ, ২৩ ডিচেম্বৰ:শিৱসাগৰৰ ৰাজীৱ ভৱনত শনিবাৰে কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লোকসভা নিৰ্বাচন সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । যোৰহাট লোকসভা সমষ্টিৰ বাবে দলৰ পাঁচগৰাকীয়ে আবেদন  কৰা বুলি তেওঁ উল্লেখ কৰে । 

সাংসদ গৌৰৱ গগৈৰ প্ৰাৰ্থিত্ব সন্দৰ্ভতো প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । গৌৰৱ গগৈয়ে তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে যদিও কোনটো সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব এতিয়াও নিশ্চিত হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয়, "গৌৰৱ গগৈয়ে ক'ত খেলিব সুধি ল'ম, তাৰ পিছতহে সিদ্ধান্ত লোৱা হ'ব ।"

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ডিমা হাছাওৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ কয়, "পাঁচটা হত্যাকাণ্ডত অভিযুক্তও বিজেপিৰ প্ৰাৰ্থী হৈছে ।" কংগ্ৰেছে বন্দুকৰ আগত যুঁজিবলগীয়া হৈছে বুলি মন্তব্য় কৰি কয়, "বিজেপিয়ে ঘৰলৈ গৈ কংগ্ৰেছৰ প্ৰাৰ্থীক কৈছে গুলি খাবি নে পইচা খাবি ?"  

ৰাজনীতিত যাতে অপৰাধীকৰণ হ'ব নোৱাৰে সেয়া কেৱল কংগ্ৰেছৰ দায়িত্ব নহয় বুলি মন্তব্য় কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, "এয়া সচেতন ৰাইজৰো দায়িত্ব ।" বিজেপিয়ে টকা আৰু বাহুবল দেখুৱাইছে বুলিও তেওঁ মন্তব্য় কৰে ।

লগতে পঢ়ক:বিৰোধীৰে মিত্ৰতাত থকা আপক অসমত লাগে পাঁচখন লোকসভা আসন

ABOUT THE AUTHOR

...view details