অসম

assam

১৮ দিন পাৰ হৈ গ’ল মুখ্যমন্ত্ৰীয়ে কেতিয়া সাৰ পাব ? প্ৰতিবাদী শিক্ষকৰ প্ৰশ্ন

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 10:39 PM IST

চচলত অনশন

গুৱাহাটী, ২২ ডিচেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপ আৰু অনশনস্থলীলৈ আহি প্ৰতিশ্ৰুতি নিদিয়া পৰ্যন্ত চচলত অনশন চলাই যোৱাত দৃঢ় প্ৰতিজ্ঞ হৈ আছে সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক-কর্মচাৰী সন্থা । চচলত যোৱা ৪ ডিচেম্বৰৰ পৰা পদ প্ৰাদেশিকীকৰণৰ দাবীত অব্যাহত ৰখা প্ৰতিবাদে আজি ১৮ দিনত ভৰি দিলে । 

নায্য প্ৰাপ্তিৰ দাবীত ভেন্সাৰ শিক্ষকে ৰূপায়ন কৰা অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচীৰ ফলত কুৰিজনৰো অধিক প্ৰতিবাদী শিক্ষক অসুস্থ হৈ জি এম চি এইচত চিকিৎসাধীন হ’বলগীয়া হোৱাৰ পিচতো যেন কণষাৰ নাই চৰকাৰ তথা প্ৰশাসনৰ । ইয়াৰ মাজতে শুকুৰবাৰে চচলৰ প্ৰতিবাদস্থলীত উপস্থিত হয় অসম চৰকাৰৰ শিক্ষা বিভাগৰ শিক্ষা সঞ্চালিকা মমতা হোজাই ।

প্ৰতিবাদী শিক্ষকসকলক শিক্ষা সঞ্চালিকাগৰাকীয়ে তেওঁলোকৰ সমস্যাসমূহৰ সম্পৰ্কে শিক্ষামন্ত্ৰীৰ সৈতে আলোচনা কৰিব বুলি আশ্বাস প্ৰদান কৰে যদিও মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰাদেশিকী আইনখন সংশোধন কৰিব বুলি প্ৰতিশ্ৰুতি নিদিয়া পৰ্যন্ত অনশন কাৰ্যসূচী চলাই নিব বুলি অৱগত কৰে প্ৰতিবাদী শিক্ষকসকলে ।

লগতে পঢ়ক :চাকৰি নিয়মীয়াকৰণ, বেতন সুৰক্ষা দাবীৰে টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details