অসম

assam

Coal syndicate: সোণোৱাল চৰকাৰৰ দিনতকৈও এতিয়া বৃহৎ ছিণ্ডিকেট চলিছে : অজাপ

By

Published : Dec 23, 2022, 9:59 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

দিছপুৰৰ পৃষ্ঠপোষকতাতে ৰাজ্যজুৰি কয়লাৰ অবাধ অবৈধ খনন আৰু সৰবৰাহ চলি আছে(Illegal Coal Mining in Assam) । শুকুৰবাৰে এক সংবাদমেলৰ জৰিয়তে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে অসম জাতীয় পৰিষদে(AJP President Lurinjyoti gogoi) ৷ পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সংবাদমেলত দাবী কৰে যে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত চলা গৰু চিণ্ডিকেটতকৈও বৃহৎ ছিণ্ডিকেট চলি আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত । সেউজ ন্যায়াধীকৰণে ২০১৪ চনতেই কয়লাৰ ৰেট হ'ল মাইনিং নিষিদ্ধ কৰিছিল । কিন্তু তাৰ পিছতো ৰাজ্যত অব্যাহত আছে কয়লাৰ অবৈধ খনন । কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ তথা অবৈধ ধন সংগ্ৰহ আৰু সৰবৰাহৰ সৈতে বিজেপি দলৰ বহু নেতা-কৰ্মী জড়িত থকাৰ ৰাজহুৱা অভিযোগ আছে ৷ চৰাইদেউ জিলা বিজেপিৰ নেতা সুৰেশ কোঁৱৰৰ নগদ টকাৰ বাণ্ডিলৰ পাহাৰসহ উঠা এখন ফটোও অসম জাতীয় পৰিষদে প্ৰদৰ্শন কৰে । পৰিষদে লগতে জাগুন, টিপং, লিডু আৰু মাৰ্ঘেৰিটাত গোবিন চেত্ৰী, সুনীল গুৰুং, বিনোদ গুৰুং, বগী আৰু বি গণেশ নামৰ লোককেইজনে ওপৰৰ শক্তিৰ হৈ উক্ত ধন সংগ্ৰহ কৰে বুলি অভিযোগ কৰিছে অসম জাতীয় পৰিষদে ।
Last Updated :Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

...view details