অসম

assam

Fake gold seized: ডবকাত নকল সোণসহ আটক 3 সৰবৰাহকাৰী

By

Published : May 27, 2023, 5:01 PM IST

ডবকাত আৰক্ষীৰ অভিযানত নকল সোণসহ আটক সৰবৰাহকাৰী

হোজাই, 27 মে’:নকল সোণৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ কঠোৰ অভিযান ৷ ৰাজ্যৰ প্ৰান্তৰ সমান্তৰালকৈ ডবকাতো নকল সোণৰ বিৰদ্ধে অভিযান অব্যাহত হোজাই আৰক্ষীৰ ৷ হোজাইৰ ডবকাত আৰক্ষীৰ অভিযানত নকল সোণসহ আটক 3 সৰবৰাহকাৰী (3 smugglers Arrested  along with Fake gold) ৷

শুকুৰবাৰে এক গোপন তথ্যৰ ভিত্তিত হোজাইৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ নিৰ্দেশত ডবকা আৰক্ষীয়ে চলাইছিল এই অভিযান ৷ অভিযানত আৰক্ষীয়ে ডবকা পথাৰ গাঁৱত জব্দ কৰিবলৈ সক্ষম হয় এটি নকল সোণৰ যিশুখ্ৰীষ্টৰ মূৰ্তি (Fake gold seized) ৷ জব্দ কৰা মূৰ্তিটোৰ ওজন অনুমানিক এক কিলো সাতশ গ্ৰাম  ৷ মূৰ্তিৰ লগতে সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আটক কৰে তিনি যুৱকক  ৷ ধৃত সৰবৰাহকাৰীকেইটা ক্ৰমে ইকবাল হুছেইন,জুবেৰ হুছেইন আৰু আচলম তালুকদাৰ (Fake gold Seized at Doboka in Hojai) ৷  

তিনিওটা সৰবৰাহকাৰীকে আজি হোজাইৰ শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰাৰ পাছত জুবেইৰ হুছেইন আৰু আছলম তালুকদাৰক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে ইকবাল হুছেইনক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় (Fake gold smugglers Arrested at Doboka in Hojai)   ৷ 

লগতে পঢ়ক:IPL gambler arrested: আইপিএলৰ নামত বৃহৎ জুৱা, দেৰগাঁও আৰক্ষী জালত ৪ জুৱাৰী

ABOUT THE AUTHOR

...view details