অসম

assam

Zubeen react on Ragging: ৰেগিং নহয়, নতুন ছাত্ৰ-ছাত্ৰীক মৰমহে কৰিব লাগে: জুবিন

By

Published : Dec 3, 2022, 1:08 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

উজনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিঙৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Reactions across Assam on ragging)। ৰাজ্য কঁপাই যোৱা এই ৰেগিং কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে (Zubeen Garg react on ragging)। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডক লৈ সোণাৰিত শুকুৰবাৰে নিশা অসম দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গে । তেওঁ কয় যে আগতে নৱাগত ছাত্ৰ-ছাত্ৰীৰ লগত ধেমালি হৈছিল যদিও এই পৰ্যায়ত ৰেগিং হোৱা নাছিল । ৰেগিং কৰিব নালাগে বুলি উল্লেখ কৰি জুবিন গাৰ্গে কয়," নতুন ছাত্ৰ-ছাত্ৰী আহিলে মৰম কৰিব লাগে আৰু শিকাবহে লাগে ।"
Last Updated :Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

...view details