অসম

assam

PDS rice seized in Barama: বাক্সাত চোৰাং চাউল ভৰ্তি ট্ৰাক জব্দ

By

Published : Oct 26, 2022, 2:14 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ৰাজ্যত অব্যাহত আছে চৰকাৰী চাউলৰ চোৰাং (Smuggling of PDS rice in Assam) বেহা । ইয়াৰ মাজতে বৰপেটা জিলাৰ হাউলীৰ (PDS rice from Haowli in Barpeta district) পৰা গুৱাহাটী অভিমুখী চাউলভৰ্তি ট্ৰাক এখন আৰক্ষীয়ে জব্দ কৰে (PDS rice seized at Barama)। বৰমা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি যোৱা নিশা ১ বজাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত NL-01-AE-2990 নম্বৰৰ ৰাজহুৱা বিতৰণ ব্য়ৱস্থাৰ চাউল ভৰ্তি ট্ৰাকসহ চালকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত চালকজন বৰপেটাৰ কাহীবাৰীৰ ৰূপ খান (২৭) বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে সদৰি কৰা মতে, চাউলখিনি চোৰাংকৈ নি আছিল । ইতিমধ্য়ে বৰমা আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি অভিযান অব্যাহত ৰাখিছে ।
Last Updated :Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details