অসম

assam

Devendra Fadnavis blast: মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠনত আছিল অমিত শ্বাহৰ ভূমিকা: ফাড়নাভিছ

By

Published : Nov 16, 2022, 2:13 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

মহাৰাষ্ট্ৰত নাটকীয় ঘটনাৰে শিৱসেনাৰ উদ্ধৱ থাকৰে চৰকাৰৰ পতন ঘটাৰ আঁৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ ভুমিকা আছিল বুলি বিস্ফোৰণ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছৰ (Deputy CM Devendra Fadnavis blasted on Amit Shah)। বিগত সময়ত ইয়াৰ আঁৰত বিজেপি জড়িত থকা বুলি সৰৱ চৰ্চা হৈছিল যদিও বিজেপিয়ে পোনছাটেই এই অভিযোগ অস্বীকাৰ কৰি অহাৰ সময়তেই এইদৰে বিস্ফোৰণ ঘটালে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ফাড়নাভিছে । গুৱাহাটীৰ ৰেডিছন ব্লুত (Radission Blue) চলা সেই নাটকীয় ঘটনাৰ পিছত প্ৰথমবাৰৰ বাবে এই পট পৰিৱৰ্তনৰ আঁৰত থকা নেতাগৰাকীৰ নাম উল্লেখ কৰিলে উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ বুধবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অমিত শ্বাহৰ জীৱনৰ ওপৰত আধাৰিত আচাৰ্য পৱন ত্ৰিপাঠীৰ অমৃত পুষ্পা নামৰ কিতাপখন মুকলি কৰি এইদৰে মন্তব্য় কৰে (Book released on Amit shah at Mumbai) । ফাড়নাভিছে কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কেৱল নেতৃত্বৰ সামৰ্থ্যই নহয়, সিদ্ধান্ত লোৱাৰ যথেষ্ট ক্ষমতাও আছে। তেওঁ কয়,"যেতিয়া মহাৰাষ্ট্ৰত হোৱা পৰিৱৰ্তনৰ সময়ত আমি একনাথ সিন্দেৰ (বালা চাহেবৰ শিৱসেনা) সৈতে চৰকাৰ গঠন কৰিছিলো তেতিয়া অমিত শ্বাহে সহায় কৰিছিল ।"
Last Updated :Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details