অসম

assam

New CMD of Oil: অইলৰ অধ্যক্ষৰূপে ড০ ৰঞ্জিত ৰথৰ দায়িত্ব গ্ৰহণ

By

Published : Aug 4, 2022, 12:49 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

দল-সংগঠনৰ প্ৰতিবাদকো নেওচি অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে ড৹ ৰঞ্জিত ৰথে দায়িত্ব গ্ৰহণ কৰিছে(Dr Ranjit Rath takes over as Chairman-Managing Director of Oil)।আই আই টি বম্বে আৰু আই আই টি খৰগপুৰৰ(IIT Kharagpur) প্ৰাক্তন ছাত্ৰ ড০ ৰথে ২ আগষ্টত নয়দাত ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰীয় অন্বেষণ আৰু উৎপাদন প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেড(Oil)ৰ নতুন অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰে । ড° ৰথে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা সন্মানীয় ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান বঁটাও লাভ কৰিছিল । ড০ ৰথে ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনৰ নৱৰত্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অইলৰ কাম-কাজৰ নেতৃত্বত যোগদান কৰাৰ পূৰ্বে খনি মন্ত্ৰালয়ৰ অধীনত মিনাৰেল এক্সপ্ল’ৰেচন এণ্ড কনচালটেন্সি লিমিটেডৰ(Mineral Exploration and Consultancy Limited)অধ্যক্ষ তথা পৰিচালন সঞ্চালক,খনিজ বিদেশ ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া, ভাৰত গ’ল্ড মাইনছ লিমিটেডৰ পৰিচালন সঞ্চালক থকাৰ লগতে ভাৰত চৰকাৰৰ অধীনত ভাৰতৰ ভূ-তাত্বিক জৰীপৰ মহা নিৰ্দেশকৰ অতিৰিক্ত দায়িত্ব পালন কৰিছে । কিন্ত ড০ ৰথেক অইল ইণ্ডিয়াৰ অধ্যক্ষ পদত নিযুক্তি দিয়াৰ বিৰোধীতা কৰিছিল অসমৰ বহু দল-সংগঠনে । দুলীয়াজানস্থিত অইল ইণ্ডিয়াৰ কাৰ্যালয়ৰ সন্মুখতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল দল-সংগঠন সমূহে ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details