অসম

assam

বৰপেটাৰোডত ড্ৰাগছ সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক

By

Published : Mar 8, 2022, 8:39 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

বৰ্তমানৰ যুৱ প্ৰজন্মক কোঙা কৰি পেলোৱা ড্ৰাগছকে ধৰি বিভিন্ন নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষী তথা প্ৰশাসনে গ্ৰহণ কৰি আহিছে বিভিন্ন কঠোৰ পদক্ষেপ ৷ শেহতীয়াকৈ সোমবাৰে নিশা বৰপেটা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰদীপ শইকীয়ালৈ অহা গোপন খবৰৰ ভিত্তিত বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই বৰপেটাৰোডৰ শিমলাগুৰীৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 56.60 গ্ৰাম ড্ৰাগছ সহ (Drugs seized at Barpeta Road) এজন যুৱকক আটক কৰে (Drug peddler arrested by Barpeta Road police) । আটকাধীন যুৱকজন গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত ধূপগুৰীৰ চিৰাজুল হক বুলি জানিব পৰা গৈছে ৷
Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

...view details