অসম

assam

সংবেদনশীল একত্ৰীকৰণ আৰু অ’টিজ্‌ম

By

Published : Apr 10, 2021, 4:07 PM IST

সংবেদনশীল একত্ৰীকৰণ আৰু অ’টিজ্‌ম

এছ আই হ’ল এক স্নায়ৱিক প্ৰক্ৰিয়া যাৰ জৰিয়তে এজন ব্যক্তিয়ে চাৰিওদিশৰ পৰা তেওঁৰ ষষ্ঠ ইন্দ্ৰিয় ব্যৱহাৰ কৰি তথ্য সংগ্ৰহ কৰে আৰু ইয়াক সংগঠিত কৰি পুংখানুপুংখভাৱে চালিজাৰি লৈ ইয়াৰ প্ৰতি উপযুক্ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ সাধাৰণ ভাষাত ক’বলৈ গ’লে চেঞ্চৰি ইন্ট্ৰিগ্ৰেশ্বন থেৰাপি হ’ল এক চেঞ্চৰি মটৰ চিকিৎসা পদ্ধতি যাক দেখাত খেল-ধেমালিৰ দৰে লাগে বা অনুভৱো হয় ।

আঁহক আমি অ’টিজ্‌মৰ সজাগতা উপলক্ষ্য এই ক্ষুদ্ৰ ক্ষুদ্ৰ, কিন্তু সৃষ্টিশীল মস্তিষ্কবোৰক অনুধাৱন কৰিবলৈ প্ৰয়াস কৰোঁ আৰু তেওঁলোকৰ মনোজগতখনত পৃথিৱীখনৰ বিষয়েনো ধাৰণা কি তাক জানিবলৈ প্ৰয়াস কৰোঁ লগতে “চেঞ্চৰি ইন্ট্ৰিগ্ৰেশ্বন” (এছ আই)ৰ বিষয়েও জানো আঁহক ৷

এই বিষয়ে কিছু আমোদজনক তথ্য জানিবৰ বাবে ই টিভি ভাৰত সুখীভৱই শিশু বিশেষজ্ঞ ফিজিঅ’থেৰাপিষ্ট, চেঞ্চৰি ইন্ট্ৰিগ্ৰেশ্বন আৰু এন ডি টি প্ৰশিক্ষণপ্ৰাপ্ত, কিমায়া থেৰাপিৰ কেন্দ্ৰ (পূৱ ভিলে পাৰ্লে)ত প্ৰাইভেট প্ৰেক্টিছত সক্ৰিয়ভাৱে জড়িত হৈ তথা বৰিভেলিৰ বডী ডাইনেমিক ক্লিনিকত পৰামৰ্শদাতাৰূপে কৰ্মৰত তথা ভক্তি বেদান্ত চিকিৎসালয়ৰ প্ৰাক্তন পৰামৰ্শদাতা ডা° কিমায়া ছাবনিছৰ সৈতে আলোচনা কৰে ৷

এছ আই হ’ল এক স্নায়ৱিক প্ৰক্ৰিয়া যাৰ জৰিয়তে এজন ব্যক্তিয়ে চাৰিওদিশৰ পৰা তেওঁৰ ষষ্ঠ ইন্দ্ৰিয় ব্যৱহাৰ কৰি তথ্য সংগ্ৰহ কৰে আৰু ইয়াক সংগঠিত কৰি পুংখানুপুংখভাৱে চালিজাৰি লৈ ইয়াৰ প্ৰতি উপযুক্ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ সাধাৰণ ভাষাত ক’বলৈ গ’লে চেঞ্চৰি ইন্ট্ৰিগ্ৰেশ্বন থেৰাপি হ’ল এক চেঞ্চৰি মটৰ চিকিৎসা পদ্ধতি যাক দেখাত খেল-ধেমালিৰ দৰে লাগে বা অনুভৱো হয় তেনেকৈয়ে ৷ উল্লেখ্য যে খেল-ধেমালিৰ মাজেৰেই শিশু সকলৰ বিকাশ হয় আৰু শিকে ৷ থেৰাপিষ্ট সকলৰ হাতত থকা কেইবাটাও থেৰাপিউটিকেল উপায়বোৰৰ ভিতৰৰে এটা হ’ল চেঞ্চৰি ইন্ট্ৰিগ্ৰেশ্বন ৷ চেঞ্চৰি প্ৰছেছিঙৰ জটিলতা থকা অৰ্থাৎ শিশু সকলে অনুভৱ কৰা সংবেদনশীল উদ্দীপনাবোৰ বুজাত অসুবিধা পোৱা শিশু সকলৰ বাবে ইয়াক প্ৰস্তুত কৰা হৈছে ৷

চেঞ্চৰি ইন্ট্ৰিগ্ৰেশ্বনৰ কোন শিশুক প্ৰয়োজন বা কাক প্ৰয়োজন নহয় তাৰ পাৰ্থক্য নিৰ্ণয় কৰাটো আৰু বুজি পোৱাটো অতি জৰুৰী ৷ অ’টিজ্‌মত ভুগি থকা নাইবা অন্য বিকাশজনিত, আচৰণজনিত তথা শিকণৰ লগত জড়িত সমস্যাত ভুগি থকা সকলো শিশুৰেই সংবেদনশীলতাৰ লগত জড়িত জটিলতা নাথাকে ৷ যদি আপোনাৰ শিশুটিয়ে নিম্নোলিক্ষিত কোনো লক্ষণ দেখুৱাই তেন্তে শিশুটি এছ আইৰ বাবে উপযুক্ত বুলি বিবেচিত হ’ব :

  • স্পৰ্শ, সোৱাদ, গোন্ধ, ধ্বনি, ভিজুৱেল ষ্টিমুলিৰ প্ৰতি অত্যধিক/অত্যন্ত সংবেদনশীল/প্ৰতিৰক্ষাত্মক আৰু উচ্চতা তথা চালচলন কৰিবলৈ ভয় খোৱা ৷
  • “আণ্ডাৰ ৰেচপনছিভ” শিশু সকল, যি সকলে বিভিন্ন ধৰণৰ চেঞ্চৰি উদ্দীপনাবোৰ যেনে স্পৰ্শ, আলিংগন, আত্মলাপ আদি বিচাৰে ৷
  • উচ্চ বা নিম্ন সক্ৰিয়তা সম্পন্ন শিশু সকল অত্যন্ত সক্ৰিয় নাইবা একেবাৰেই উদ্যমহীন হ'ব পাৰে ৷
  • চকু-হাত, চকু-ভৰিৰ সমন্বয় আৰু অসংযত থকা বিসংগতিপূৰ্ণ চালচলনৰ দৰে মটৰ ক’অ'ৰ্ডিনেশ্বন জটিলতাত ভুগি থকা শিশু সকল
  • সাধাৰণ বুদ্ধিমত্তা থকা স্বত্বেও মাত ফুটাত আৰু ভাষা শিকাত, ‘মটৰ স্কিল’ আনকি শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰতো বিলম্ব হোৱা শিশু সকল
  • অব্যৱস্থিত, অপৰিপক্ক, সহজতে বিচলিত হৈ পৰা, কোনো ধৰণৰ পৰিকল্পনা কৰিবলৈ সক্ষম নোহোৱা আৰু নিজকে কোনো নতুন পৰিৱেশত খাপ খোৱাব নোৱাৰা নাইবা কোনো পূৰ্ৱ পৰিকল্পিত পৰিকল্পনাত পৰিৱৰ্তন ঘটিলে মানি ল'ব নোৱাৰা শিশু সকল
  • ‘স্বকীয়তা’ক লৈ একেবাৰেই স্পষ্ট ধাৰণা নথকা শিশু সকল; যি সকল সহজেই বিৰক্ত নাইবা এলেহুৱা, কৰ্মোদ্যমহীন বা আনমনা হৈ পৰে ৷

যি নহওক, কোনো শিশুৰ আচৰণক অপ্ৰিয় অথবা নেতিবাচক বুলি অভিহিত কৰাৰ পৰিৱৰ্তে আমি, তেওঁলোকৰ শুভচিন্তক হিচাপে একোজন ভাল অনুসন্ধানকাৰী হৈ তেওঁলোকৰ আচৰণবোৰে আমাক তেওঁলোকৰ আৱেগ, অনুভূতি বা অসন্তুষ্টি নাইবা তেওঁলোকৰ চাৰিওদিশৰ পৰিৱেশটোৰ সম্পৰ্কত কি ক’বলৈ বিচাৰি আছে তাক চিনাক্ত কৰি উলিয়াবলৈ নাইবা অনুধাৱন কৰিবলৈ যত্ন কৰা উচিত ৷

অ’টিজ্‌মত ভূগি থকা শিশু সকলক এছ আই থেৰাপি দিবলৈ যাওঁতে কিছুমান সাধাৰণ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হয় ৷ থেৰাপি সঞ্চালন কৰাৰ সময়ত তেওঁলোক বহুসময়ত অসংবেদনশীল হৈ থাকে আৰু হয়তো একেবাৰেই গতানুগতিক অৱস্থাত থাকিব পাৰে ৷ এই থেৰাপিউটিক কৌশলসমূহ কিছুনাম নিৰ্দিষ্ট সঁজুলিৰ উপলব্ধতাৰ অবিহনে সঞ্চালন কৰাটো কঠিন হৈ পৰিব পাৰে ৷ সাধাৰণতে অভিভাৱক আৰু শিক্ষক সকলক এই থেৰাপিত জড়িত কৰোৱাৰ এটা ভাল উপায় হ’ল তেওঁলোকক ঘৰ/বিদ্যালয়ত এক “চেঞ্চৰি আহাৰ” মানি চলিবলৈ মান্তি কৰোৱা ৷ অন্য ধৰণৰে ক’বলৈ হ’লে “চেঞ্চৰি ডায়েট” হ’ল চেঞ্চৰি জীৱনশৈলী যাক শিশুটিৰ দিনপঞ্জী অনুসাৰে প্ৰস্তুত কৰা হয় ৷ শান্ত ঠাইত নিৰ্মাণ কৰা সু-শৃংখলিত “চেঞ্চৰি স্মাৰ্ট হোম”, শিশু সকলে অনুভৱ কৰিব পৰা আৰু চাব পৰা বিভিন্ন আচবাব যেনে ফিজেট জাতীয় পুতলা, খহতা বল ইত্যাদিৰ সৈতে বিশেষকৈ প্ৰতিটো শিশুৰেই চেঞ্চৰি প্ৰয়োজনীয়তা সমূহৰ প্ৰতি লক্ষ্য ৰাখি বিশেষৰূপত তেওঁলোকৰ উদ্দেশ্যেৰে প্ৰস্তুত কৰা শিশু সকলৰ বিভিন্ন গতিবিধিৰ তালিকাৰ জৰিয়তে এছ আই সঞ্চালন কৰা হয় ৷

“যদি কোনো শিশুৱে আমি শিকোৱা পদ্ধতিৰে শিকিবলৈ সক্ষম হোৱা নাই ; তেন্তে আমি তেওঁলোকক তেওঁলোকে শিকিব পৰা পদ্ধতিৰে শিকাব লাগিব ৷”

এই উক্তিটোৱে আমাৰ সন্মুখত অ’টিজ্‌মৰ সুক্ষ্ম পৃথিৱীখনৰ এক সুন্দৰ অন্তৰ্দৃষ্টি দাঙি ধৰে ৷ আঁহক আমি আমাৰ আশা আকাংক্ষাবোৰৰ সীমাবদ্ধতাৰ মাজত এই শিশু সকলৰ দক্ষতাক আমি বান্ধি নেপেলাও ৷ যদি আপুনি আপোনাৰ শিশুটিক শিকোৱাত বিফল হৈছে তেন্তে সফল নোহোৱালৈকে মনত ৰাখিব যে এই বিফলতাই আপোনাক আপোনাৰ শিশুটিক শিকোৱাৰ ক্ষেত্ৰত কি প্ৰয়োগ কৰাটো উচিত হ’ব বা নহ’ব তাক অধিক জনাতহে সহায় কৰিব ৷ অন্য ধৰণেৰে ক’বলৈ হ’লে আপুনি অ’টিজ্‌মক বুজিবলৈ সক্ষম হ’ব ৷ থেৰাপিষ্ট হিচাপে মোৰ পৰামৰ্শ হ’ল“আপোনাৰ শিশুটিৰ সৈতে পৃথিৱীখন অন্বেষণ কৰক আৰু সুখী হওক ৷”

অধিক জানিবৰ বাবে যোগাযোগ কৰকkimayatherapycentre@gmail.com

ABOUT THE AUTHOR

...view details