অসম

assam

Navratri vrat recipes 2022: নৱৰাত্ৰিত ঘৰতে তৈয়াৰ কৰক সুস্বাদু কাজু পনীৰৰ ৰেচিপি

By

Published : Sep 27, 2022, 2:11 PM IST

Navratri 2022 recipes on how to make Kaju paneer
নৱৰাত্ৰিত ঘৰতে তৈয়াৰ কৰক সুস্বাদু কাজু পনীৰৰ ৰেচিপি

৯ দিনীয়া দীঘলীয়া নৱৰাত্ৰি ব্ৰতত(Navratri 2022 Day 2) কি খাব আৰু কি নাখাব সেই সম্পৰ্কে এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে । ব্ৰতৰ সময়ত অনেক বস্তু খোৱা নিষেধ । এনে অৱস্থাত ৯ দিন উপবাসে থকা লোকৰ শক্তিৰ মাত্ৰা অতি কম হয় । সেয়ে নৱৰাত্ৰি উপলক্ষে আমি আপোনালোকৰ বাবে লৈ আহিছো কাজু পনীৰৰ এক ৰেচিপি যাক ঘৰতে অতি সহজতে তৈয়াৰ কৰিব পৰা যায় ৷

৯ দিনীয়া দীঘলীয়া নৱৰাত্ৰি ব্ৰতত(Navratri 2022 Day 2) কি খাব আৰু কি নাখাব সেই সম্পৰ্কে এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে । ব্ৰতৰ সময়ত অনেক বস্তু খোৱা নিষেধ(Navratri fasting recipes) । এনে অৱস্থাত ৯ দিন উপবাসে থকা লোকৰ শক্তিৰ মাত্ৰা অতি কম হয় । ইয়াৰ বাহিৰেও ব্ৰতৰ সময়ত সোৱাদযুক্ত খাদ্য খাবলৈ মন যায় । এনে অৱস্থাত আপুনি আপোনাৰ খাদ্যৰ তালিকাত পনীৰক অন্তৰ্ভুক্ত কৰিব পাৰে(Delicious vrat friendly recipes) । পনীৰে বনোৱা এবিধ ব্যঞ্জন কেৱল সোৱাদই নহয়, ই উপকাৰীও হ’ব পাৰে(Navratri 2022 vrat) । পনীৰত প্ৰচুৰ পৰিমানে প্ৰ'টিন পোৱা যায়(how to make Kaju paneer) । সেয়ে নৱৰাত্ৰি উপলক্ষে আমি আপোনালোকৰ বাবে লৈ আহিছো কাজু পনীৰৰ এক ৰেচিপি যাক ঘৰতে অতি সহজতে তৈয়াৰ কৰিব পৰা যায়(Kaju paneer vrat recipe) ৷

নৱৰাত্ৰিত ঘৰতে তৈয়াৰ কৰক সুস্বাদু কাজু পনীৰৰ ৰেচিপি

সামগ্ৰী

পনীৰ

কাজু

সেউজীয়া জলকীয়া

আদা

দৈ

ইলাচী

জিৰা

লং

বিলাহী

ৰক ছল্ট(Sendha namak)

ক'লা জালুক

ঘিউ

পদ্ধতি:

কাজু পনীৰ তৈয়াৰ কৰিবলৈ প্ৰথমে এটা ব্লেণ্ডাৰত সেউজীয়া জলকীয়া, আদা, দৈ আৰু কাজু দি ভালদৰে মিহলাই পেষ্ট বনাব ।

এতিয়া কেৰাহীত ঘিউ গৰম কৰি তাত জিৰা, লং ইলাচি দিব ।

তাৰ পিছত তাত প্ৰস্তুত কৰা কাজু পেষ্টখিনি দি ভালদৰে লৰাই দিব । পাতল বাদামী ৰঙৰ হোৱাৰ পিছত তাত পানী যোগ কৰিব আৰু ভালদৰে উতলিবলৈ দিয়ক ।

উতলিলে তাত ৰক ছল্ট(Sendha namak) আৰু ক'লা জালুক দিব ।

এতিয়া বিলাহীৰ পিষ্ট বনাই কেৰাহীত দিব । ভালদৰে মিহলাই লওক ।

ডাঠ হ’লে পনীৰৰ কিউবখিনি দি আকৌ লৰাই দিব খুব সাৱধানে লৰাব পনীৰখিনি ভাঙি নাযায় ।

এটি পাত্ৰত পৰিবেশনৰ বাবে উলিয়াই ঘৰতে তৈয়াৰী কাজু পনীৰখিনিক ক্ৰীমেৰে সজাই লওক । কাজু-পনীৰ গৰমা-গৰমে পৰিবেশন কৰক ।

লগতে পঢ়ক:Navratri Special Recipe: এই নৱৰাত্ৰিত ঘৰতে ব্ৰতৰ বাবে ট্ৰাই কৰক কেইটিমান সুস্বাদু ৰেচিপি

ABOUT THE AUTHOR

...view details