অসম

assam

Navratri 2022 day 6: নৱৰাত্ৰিৰ ষষ্ঠ দিনটোত মা কাত্যায়নীক এইদৰে কৰক সন্তুষ্ট

By

Published : Oct 1, 2022, 5:30 AM IST

Navratri 2022 6th day Maa Katyayani puja vidhi aarti Bhog mantra
নৱৰাত্ৰিৰ ষষ্ঠ দিনটোত মা কাত্যায়নীক এইদৰে কৰক সন্তুষ্ট ()

নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ ৯টা ৰূপক পূজা কৰা হয়(Durga Puja 2022) । এইবাৰ নৱৰাত্ৰী ২০২২ চনৰ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ২০২২ চনৰ ৪ অক্টোবৰত শেষ হ’ব(Shardiya Navratri 2022) । বিশ্বাস কৰা হয় যে, মা দুৰ্গাৰ নটা ৰূপ অতি প্ৰভাৱশালী আৰু সকলো ইচ্ছা পূৰণ কৰে । আজি নৱৰাত্ৰিৰ ষষ্ঠটো দিন । আজি মা দূৰ্গাৰ ষষ্ঠটো ৰূপ দেৱী কাত্যয়নীৰ পূজা অৰ্চনা কৰা হয় ৷ জানো আহক পূজাৰ বিধি, মন্ত্ৰ আৰু অন্যান্য নিয়ম সমূহ...

নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ ৯টা ৰূপক পূজা কৰা হয়(Durga Puja 2022) । এইবাৰ নৱৰাত্ৰী ২০২২ চনৰ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু ২০২২ চনৰ ৪ অক্টোবৰ তাৰিখে এই পূজাৰ অন্ত পৰিব(Shardiya Navratri 2022) । বিশ্বাস কৰা হয় যে, মা দুৰ্গাৰ নটা ৰূপ অতি প্ৰভাৱশালী আৰু সকলো ইচ্ছা পূৰণ কৰে । আজি নৱৰাত্ৰিৰ ষষ্ঠটো দিন । আজি মা দূৰ্গাৰ ষষ্ঠটো ৰূপ দেৱী কাত্যয়নীৰ পূজা অৰ্চনা কৰা হয়(Navratri 2022 6th day) ৷ জানো আহক পূজাৰ বিধি, মন্ত্ৰ আৰু অন্যান্য নিয়ম সমূহ...

নৱৰাত্ৰিৰ ষষ্ঠ দিনটোত মা কাত্যায়নীক এইদৰে কৰক সন্তুষ্ট

মা কাত্যায়নী কোন আছিল ?(Who was Maa Katyayani)

মা দুৰ্গাদেৱীৰ ষষ্ঠ স্বৰূপৰ নাম হ’ল, “কাত্যায়নী”। কাত্যয়নী হৈছে হিন্দু ধৰ্মৰ দেৱী দুৰ্গাৰ এক অৱতাৰ । তেওঁ নৱৰাত্ৰিত পূজিত নৱদুৰ্গাৰ ষষ্ঠ ৰূপ । কাত্যায়নীক মহিষাসুৰৰ নিধনকাৰী দেৱী হিচাপেও জনা যায় । দেৱী কাত্যায়নীক চতুৰ্ভূজা, অষ্টভূজা অথবা দশভূজা ৰূপত চিত্ৰায়িত কৰা হয় । কিংবদন্তি অনুসৰি সীতা, ৰাধা আৰু ৰুক্মিণীয়ে উপযুক্ত বৰ লাভৰ অৰ্থে দেৱী কাত্যায়নীৰ উপাসনা কৰিছিল(Goddess Katyayani) ।

শক্তি পন্থাৰ মতে, কাত্যায়নী শক্তি বা দুৰ্গাৰ ৰুদ্ৰৰূপ ভদ্ৰকালী আৰু চণ্ডিকাৰ সৈতে জড়িত । খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত পতঞ্জলীয়ে ৰচনা কৰা মহাভাষ্যত ৰঙা ৰংৰ সৈতে কাত্যায়নীৰ সম্পৰ্কৰ কথা উল্লেখ আছে(Navratri colors significance 2022) ।

নৱৰাত্ৰিৰ ষষ্ঠ দিনটোত মা কাত্যায়নীক এইদৰে কৰক সন্তুষ্ট

যজুৰবেদত কাত্যায়নীৰ পোন প্ৰথমবাৰৰ বাবে উল্লেখ পোৱা যায় । স্কন্দ পুৰাণৰ মতে দেৱতাসকলৰ অবিৰত কোপৰ পৰা তেওঁৰ জন্ম হয় আৰু পৰৱৰ্ত্তী কালত সিংহৰ পিঠিত উঠি মহিষাসুৰ বধৰ পৰ্যায় পায়গৈ । ইয়াকে দুৰ্গা পূজা হিচাপে সমগ্ৰ ভাৰততে উদযাপন কৰা হয় ।

দেৱী ভাগৱত পুৰাণ আৰু ৪০০-৫০০ চনত মাৰ্কণ্ডেয় মুনিয়ে ৰচনা কৰা মাৰ্কণ্ডেয় পুৰাণৰ অংশ দেৱী মাহাত্ম্যমত তেওঁৰ আখ্যানসমূহ বৰ্ণনা কৰা হৈছে । বৌদ্ধ, জৈন আৰু তান্ত্ৰিক পুথিসমূহতো কাত্যায়নীৰ বৰ্ণনা পোৱা যায় ৷ দশম শতিকাৰ কালিকা পুৰাণৰ মতে উড়িয়ানা বা উদ্ৰদেশত (উড়িষ্যা) দেৱী কাত্যায়নী আৰু জগন্নাথৰ বসতি।

​বামন পুৰাণৰ মতে, মহিষাসুৰৰ প্ৰতি দেৱতাসকলৰ ক্ৰোধৰ ফলত তেওঁলোকৰ শক্তিয়ে সন্মিলিত জ্যোতিকণাৰ ৰূপ লয় । এই জ্যোতিকণাসমূহ কাত্যায়ন ঋষিৰ আশ্ৰমত পুঞ্জীভূত হোৱাত ঋষিয়ে ইয়াক প্ৰকৃত ৰূপ প্ৰদান কৰে । সেয়ে কাত্যায়নীক কাত্যায়ন ঋষিৰ নামেৰেই তেওঁৰ জীয়ৰী হিচাপে জনা যায় । কালিকা পুৰাণত থকা বৰ্ণনা অনুসৰি ঋষি কাত্যায়নে তেওঁক সৰ্বপ্ৰথমে উপাসনা কৰাৰ বাবে তেওঁ কাত্যায়নী নামেৰে নামাকৰণ কৰা হয় । দুয়ো ক্ষেত্ৰতে তেওঁক দুৰ্গাৰ ৰূপ হিচাপে নৱৰাত্ৰিৰ ষষ্ঠ দিনা উপাসনা কৰা হয় ।

আখ্যান অনুসৰি কলহাসুৰৰ সংগী ৰক্তবীজ নামৰ এক অসুৰৰ এনে এক শক্তি আছিল যাৰ ফলত তেওঁৰ শৰীৰৰ পৰা নিৰ্গত প্ৰতিটোপাল তেজ মাটিত পৰাৰ লগে লগে একোটা অসুৰৰ জন্ম হৈছিল । সেয়ে ভৈৰৱৰ বাবে ৰক্তবীজক বধ কৰাটো অসম্ভৱ হৈ পৰে । কাত্যায়নীয়ে ৰক্তবীজৰ এটোপালো তেজ মাটিত পৰিবলৈ নিদিয়াকৈ পান কৰে । তেওঁ আনকি ভৈৰৱৰ সৈন্যবাহিনীক পুনৰ্জীৱন দিবৰ বাবে এক অমৃত কুণ্ডৰো সৃষ্টি কৰে ।

তন্ত্ৰৰ মতে কাত্যায়নী শিৱৰ ছখন মুখৰ এখনৰ (উত্তৰমুখী) যোগেদি আত্মপ্ৰকাশ কৰে । ইয়াত তেওঁৰ মুখমণ্ডল নীলৰঙী আৰু ত্ৰিনয়নযুক্ত । এই মুখেৰে তেওঁ দক্ষিণকালিকা, মহাকালী, শ্মশানকালী, উগ্ৰতাৰা, চিন্নমস্তা, ধূমাৱতী আদি দেৱীসকলৰ ধৰ্মীয় আচাৰ আৰু মন্ত্ৰকো প্ৰকাশ কৰে ।

নৱৰাত্ৰিৰ ষষ্ঠ দিনটোত মা কাত্যায়নীক এইদৰে কৰক সন্তুষ্ট

মা কাত্যায়নী পূজা বিধি...

ৰাতিপুৱাই উঠি গা ধোৱা আদিৰ পৰা নিবৃত হোৱাৰ পিছত পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব লাগে । ইয়াৰ পিছত মা কাত্যায়নী দেৱীৰ মূৰ্তি বিশুদ্ধ পানীৰে বা গংগাজলে স্নান কৰক ।

মা কাত্যায়নী দেৱীক হালধীয়া ৰঙৰ কাপোৰ আগবঢ়াওক ।

গা ধোৱাৰ পিছত দেৱীক ফুল অৰ্পণ কৰক ।

দেৱীৰ ওপৰত সেন্দুৰ কুমকুম প্ৰয়োগ কৰক ।

দেৱীক পাঁচ প্ৰকাৰৰ ফল-মূল আৰু মিঠাই আগবঢ়াওক ।

মা কাত্যায়নীক মৌ অৰ্পণ কৰক ।

মা কাত্যায়নীৰ ধ্যান জপ কৰক ।

দেৱীৰ আৰতি কৰক ।

মা কাত্যায়নীৰ পূজাৰ গুৰুত্ব

ধৰ্মীয় বিশ্বাস অনুসৰি মা কাত্যায়নীক পূজা কৰিলে বিবাহৰ সমস্যা দূৰ হয় ।

মা কাত্যায়নীক পূজা কৰিলে ৰাশিফলত বৃহস্পতি গুৰু শক্তিশালী হয় ।

মা কাত্যায়নীক মৌ অৰ্পণ কৰিলে এক সুন্দৰ ৰূপ পোৱা যায় ।

মা কাত্যায়নীক সম্পূৰ্ণ নীতি-নিয়মেৰে পূজা কৰিলে ধনাত্মক শক্তি পোৱা যায় ।

শত্ৰুৰ ভয়ৰ অন্ত পৰে ।

মা কাত্যায়নীৰ কৃপাত স্বাস্থ্যজনিত সমস্যাৰ পৰাও মুক্তি পোৱা যায় ।

সন্ধিয়া মা কাত্যায়নীক পূজা

ধৰ্মীয় বিশ্বাস অনুসৰি মা কাত্যায়নীৰ পূজা সন্ধিয়া সময়ত সন্ধিয়াৰ সময়ত কৰিব লাগে(Navratri puja mantra)।

শুভ সময়-

ব্ৰহ্ম মূহুৰ্ত- পুৱা ০৪:৩৪ বজাৰ পৰা পুৱা ০৫:২০ বজালৈ

বিজয় মূহুৰ্ত- বিয়লি ০২:৩০ বজাৰ পৰা বিয়লি ০৩:২০ বজালৈ

গধূলি মূহুৰ্ত- সন্ধিয়া ০৬:২৯ বজাৰ পৰা সন্ধিয়া ০৬:৫৩ বজালৈ

অমৃত কাল - বিয়লি ০৪:০৬ বজাৰ পৰা বিয়লি ০৫:৫৩ বজালৈ

সৰ্বাৰ্থ সিদ্ধি যোগ- গোটেই দিনটো

মা কাত্যায়নীৰ মন্ত্ৰ

ওম দেৱী কাত্যায়নাই নমঃ

চন্দ্ৰহসোজ্জ্বলকাৰ শৰ্দুলবৰ্বাহন।

কাত্যায়নি শুভম দাদ্যাদ দেৱী দেৱী দেমংঘটিনী॥

লগতে পঢ়ক:Navaratri 2022 Day 5: দেৱী স্কন্দমাতাক কোনবিধ ভোগেৰে কিদৰে পূজা-অৰ্চনা কৰিব লাগে জানো আহক

ABOUT THE AUTHOR

...view details