অসম

assam

Anti Obesity Day 2022: মেদবহুল লোকৰ ক্ষেত্ৰত ডায়েবেটিছ, কেঞ্চাৰকে আদি কৰি ৫টা ৰোগৰ সম্ভাৱনা অধিক

By

Published : Nov 26, 2022, 5:30 AM IST

প্ৰতি বছৰে ২৬ নৱেম্বৰত পালন কৰা হয় মেদবহুলতা বিৰোধী দিৱস (Anti-Obesity Day 2022)। এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে মেদবহুলতা আৰু ইয়াৰ ফলত হোৱা ৰোগৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা । মেদবহুলতাই আমাৰ শৰীৰত কি কি ৰোগ কঢ়িয়াব পাৰে জানো আহক...

Anti Obesity Day From diabetes to cancer risk of these 5 diseases is highest in obese people
মেদবহুল লোকৰ ক্ষেত্ৰত ডায়েবেটিছ, কেঞ্চাৰকে আদি কৰি ৫টা ৰোগৰ সম্ভাৱনা অধিক

মেদবহুলতা বিৰোধী দিৱস: প্ৰতি বছৰে ২৬ নৱেম্বৰত পালন কৰা হয় মেদবহুলতা বিৰোধী দিৱস (Anti-Obesity Day 2022) । এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে মেদবহুলতা আৰু ইয়াৰ ফলত হোৱা ৰোগৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা(Anti Obesity Day From diabetes to cancer risk)। কিছুলোকৰ অতি কম সময়ৰ ভিতৰতে অত্যধিক ওজন বৃদ্ধি পায় আৰু ইয়াৰ ফলত শৰীৰত বিভিন্ন ৰোগে দেখা দিয়ে । মেদবহুলতাই আমাৰ শৰীৰত কি কি ৰোগ কঢ়িয়াব পাৰে জানো আহক-

ক’ৰ’নাৰী ধমনী ৰোগ(Coronary Artery Disease): ইস্কেমিক ষ্ট্ৰোক আৰু ক’ৰ’নাৰী ধমনী ৰোগ বিপজ্জনক আৰু ইয়াৰ আঁৰৰ মূল কাৰণেই হৈছে মেদবহুলতা । ইয়াত ধমনীবোৰৰ ভিতৰত চৰ্বি আৰু কলেষ্টেৰল জমা হ’বলৈ আৰম্ভ কৰে, যাৰ বাবে ষ্ট্ৰোকৰ আশংকা বৃদ্ধি পায় । স্বাস্থ্য বিশেষজ্ঞৰ মতে, মেদবহুলতাৰ ফলত ৰক্তচাপ, কলেষ্টেৰল আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়(Why is World Obesity Day) ।

মেদবহুল লোকৰ ক্ষেত্ৰত ডায়েবেটিছ, কেঞ্চাৰকে আদি কৰি ৫টা ৰোগৰ সম্ভাৱনা অধিক

টাইপ ২ ডায়েবেটিছ (Type 2 Diabetes): টাইপ ২ ডায়েবেটিছ ৰোগীৰ ভিতৰত অধিকাংশই অতিৰিক্ত ওজন থকা বা মেদবহুল হয় । বিশেষজ্ঞসকলৰ মতে, ওজন কমা, সুষম খাদ্য গ্ৰহণ, পৰ্যাপ্ত টোপনি আৰু অধিক ব্যায়াম কৰিলে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পায়(Is there an obesity awareness day) ।

গল্ড ব্লাডাৰ(Gallbladder Disease): স্বাস্থ্য বিশেষজ্ঞৰ মতে, মেদবহুল লোকৰ গল্ড ব্লাডাৰ, পিত্তথলীৰ ৰোগ বা পাথৰ হোৱাৰ সম্ভাৱনা অধিক হয় । সাধাৰণতে এই পৰিস্থিতিত ওজন দ্ৰুতগতিত হ্ৰাস নাপায়, অন্যথা পিত্তৰ পাথৰ হোৱাৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি পায় ।

অষ্টিঅ’আৰ্থাইটিছ(Osteoarthritis): অষ্টিঅ’আৰ্থাইটিছ আঁঠু, নিতম্ব বা পিঠিত আক্ৰান্ত হয়। মেদবহুলতাৰ বাবে গাঁঠিবোৰত অতিৰিক্ত চাপ পৰে যাৰ ফলত হাড়বোৰ নমনীয় হৈ পৰে । ওজন কমালে আঁঠু, নিতম্ব আৰু কঁকালৰ তলৰ অংশত চাপ কমাব পাৰি আৰু অষ্টিঅ’আৰ্থাইটিছৰ লক্ষণৰ পৰা হাত সাৰিব পাৰি ।

Sleep Apnea: মেদবহুলতাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত ৰোগ । ইয়াৰ কাৰণে জোৰেৰে নাক কঁপোৱা হয় আৰু শুই থকাৰ সময়ত মানুহে সঠিকভাৱে উশাহ ল’ব নোৱাৰে। স্লিপ এপনিয়াৰ ফলত দিনৰ ভাগত টোপনি অহাৰ ফলত হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায় ।

অন্যান্য ৰোগ(Other diseases): মেদবহুলতাৰ বাবে হৃদস্পন্দন আৰু যকৃতৰ সমস্যাও বৃদ্ধি পায় । বিশেষজ্ঞসকলৰ মতে, মেদবহুল লোকৰ ক্ষেত্ৰতো কিছুমান বিশেষ প্ৰকাৰৰ কৰ্কট ৰোগৰ সম্ভাৱনা অধিক হয় । ইয়াৰ উপৰিও ই প্ৰজনন ক্ষমতাৰ ক্ষতিও কৰিব পাৰে । এই অধ্যয়নত মহিলাৰ বন্ধ্যাত্ব আৰু মেদবহুলতাৰ মাজত এক বিশেষ সম্পৰ্ক পোৱা গৈছে । মেদবহুল লোকৰ ক্ষেত্ৰতো ক’ৰোনাৰ লক্ষণ গুৰুতৰ হ’ব পাৰে ।

লগতে পঢ়ক:International Meatless Day 2022: আন্তঃৰাষ্ট্ৰীয় আমিষবিহীন দিৱসৰ আঁৰৰ উদ্দেশ্য কি জানেনে ?

ABOUT THE AUTHOR

...view details