অসম

assam

এক নতুন পদ্ধতিৰ তেজ পৰীক্ষাই ধৰা পেলাব বিভিন্ন প্ৰকাৰৰ কেঞ্চাৰ

By

Published : Sep 15, 2022, 12:04 PM IST

A blood test that detects many types of cancer
এক নতুন পদ্ধতিৰ তেজৰ পৰীক্ষা যিয়ে ধৰা পেলাব বিভিন্ন প্ৰকাৰৰ কেঞ্চাৰ ()

আমেৰিকাৰ বিজ্ঞানীসকলে উদ্ভাৱন কৰিছে এক নতুন ধৰণৰ তেজৰ পৰীক্ষা যিয়ে ধৰা পেলাব বিভিন্ন ধৰণৰ কৰ্কট ৰোগ (Blood test that detects many types of cancer) ।

আমেৰিকাৰ বিজ্ঞানীসকলে (American scientists develop new type of blood test)প্ৰস্তুত কৰিছে বিভিন্ন ধৰণৰ কৰ্কট ৰোগ ধৰা পেলাব পৰা এক নতুন ধৰণৰ তেজ পৰীক্ষাৰ প্ৰক্ৰিয়া । লক্ষণীয়ভাৱে ই ৰোগীৰ মাজত এই বিকাৰৰ লেখ-জোখ অনুভৱ কৰিব পাৰে যদিও ৰোগৰ সৈতে জড়িত কোনো লক্ষণ দেখা নাযায় । ইয়াৰ বাবে ‘Multi Cancer Early Detection’ (MCED) নামৰ তেজৰ পৰীক্ষা ব্যৱহাৰ কৰা হৈছিল(Blood test that detects many types of cancer) ।

গৱেষণাৰ অংশ হিচাপে ইয়াক ৬৬৬২ জন লোকৰ ওপৰত পৰীক্ষা কৰা হৈছিল । আটাইকেইজনৰ বয়স ৫০ বছৰৰ ওপৰত আছিল । ইয়াৰে এক শতাংশই কৰ্কট ৰোগত আক্ৰান্ত বুলি ধৰা পৰিছিল ।

এইটো এনে ধৰণৰ কৰ্কট ৰোগৰ ক্ষেত্ৰতো প্ৰযোজ্য, যাৰ বাবে বৰ্তমান কোনো পৰীক্ষা পদ্ধতি উপলব্ধ নহয় । বিজ্ঞানীসকলে ইয়াক মানক মৌলিক পৰ্যবেক্ষণ পদ্ধতিৰ সৈতে তুলনা কৰিছিল । শেহতীয়া তেজৰ পৰীক্ষাত বৰ্তমানৰ পদ্ধতিৰে ধৰা পৰা কৰ্কট ৰোগৰ সংখ্যা দুগুণ ।

ইয়াৰ ভিতৰত যকৃত, ক্ষুদ্ৰান্ত্ৰ, জৰায়ুৰ ১ম পৰ্যায়ৰ কৰ্কট ৰোগ, অগ্নাশয়, হাড়, ডিঙিৰ ২ পৰ্যায়ৰ কৰ্কট ৰোগ আদি উল্লেখযোগ্য । বিজ্ঞানীসকলে কয় যে, এই পদ্ধতিৰ জৰিয়তে ৰোগীৰ কৰ্কট ৰোগ ধৰা পেলাই বহু আগতেই চিকিৎসা কৰিব পৰা যাব ।

লগতে পঢ়ক:দ্ৰুতগতিত বিয়পি পৰিছে আন এটা ক'ভিড ভেৰিয়েন্ট: জানো আহক Omicron BA.4.6 ৰ বিষয়ে

ABOUT THE AUTHOR

...view details