অসম

assam

ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণত মৃত্যু অচিনাক্ত লোকৰ

By

Published : Oct 31, 2019, 10:29 PM IST

বৃহস্পতিবাৰে পুৱা খালিংদোৱাৰ বনাঞ্চলৰ গাতে লাগি থকা ৰেঞ্জ অফিচৰ সমীপত উদ্ধাৰ হয় এজন অচিনাক্ত লোক মৃতদেহ । মৃতদেহটোৰ গাত থকা আঘাতৰ চিনৰ প্ৰতি লক্ষ ৰাখি অনুমান কৰা হৈছে যে লোকজনৰ মৃত্যু যোৱা নিশা হাতীৰ আক্ৰমণৰ ফলত হৈছে বুলি নিশ্চিত কৰিছে বন বিভাগে ৷

বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যু

ওদালগুৰি, 31 অক্টোবৰ: ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চল সমূহত অব্যাহত আছে হাতী মানুহৰ সংঘাত । বৃহস্পতিবাৰে পুৱা জিলা খনৰ খালিংদোৱাৰ বনাঞ্চলৰ গাতে লাগি থকা ৰেঞ্জ অফিচৰ সমীপত উদ্ধাৰ হয় এজন অচিনাক্ত লোকৰ মৃতদেহ । মৃতদেহটোৰ গাত থকা আঘাতৰ পৰা যোৱা নিশা হাতীৰ আক্ৰমণৰ ফলতে লোক জনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে বন বিভাগে । পিছত বন বিভাগে মৰোনোত্তৰ পৰিক্ষাৰ বাবে মৃতদেহটো ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আনহাতে, মৃত লোকজনক অঞ্চলটোত পূৰ্বতেও দেখা পোৱা গৈছিল বুলিও একাংশ লোকে জানিব দিয়ে । অৱশ্যে লোকজন এজন মানসীক ৰোগী আছিল বুলি জনাই স্থানীয় লোকসকলে । বৰ্তমান মৃত লোক জনক ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে বুলি জানিব পৰা গৈছে । উল্লেখ যে, হাতী মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰা ওদালগুৰিত চলিত বৰ্ষতে ১৯ জনকৈ লোকৰ হাতীৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে ।

Intro:ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণত মৃত্যু অচিনাক্ত লোকৰ।
আজি পুৱা খালিংদোৱাৰ বনাঞ্চলৰ গাতে লাগি থকা ৰেঞ্জ অফিচৰ সমীপত উদ্ধাৰ হৈ অচিনাক্ত লোক জনৰ মৃতদেহটো। মৃতদেহটোৰ গাত থকা আঘাতৰ পৰা যোৱা নিশা হাতীৰ আক্ৰমণৰ ফলতে লোক জনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে বন বিভাগেBody:।

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চল সমূহত অব্যাহত আছে হাতী মানুহৰ সংঘাত। আজি পুৱা জিলা খনৰ খালিংদোৱাৰ বনাঞ্চলৰ গাতে লাগি থকা ৰেঞ্জ অফিচৰ সমীপত উদ্ধাৰ হৈ এজন অচিনাক্ত লোকৰ মৃতদেহ। মৃতদেহটোৰ গাত থকা আঘাতৰ পৰা যোৱা নিশা হাতীৰ আক্ৰমণৰ ফলতে লোক জনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে বন বিভাগে। পিছত বন বিভাগে মৰোনোত্তৰ বাবে মৃতদেহটো ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে মৃত লোক জনক অঞ্চলটোত পূৰ্বতেও দেখা পোৱা গৈছিল বুলিও একাংশ লোকে জানিব দিয়ে। অৱশ্যে লোক জন এজন মানসীক ৰোগী আছিল বুলি জনাই লোক সকলে। বৰ্তমান মৃত লোক জনক ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা বুলি জানিব পৰা গৈছে। উল্লেখ যে হাতী মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰন কৰা ওদালগুৰিত চলিত বৰ্ষতে ১৯ জনকৈ লোকৰ হাতীৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে।Conclusion:

ABOUT THE AUTHOR

...view details