অসম

assam

Pranjal Moran case update : প্ৰাঞ্জল মৰাণৰ ঘটনা সন্দৰ্ভত দুই কয়লা চোৰ আৰক্ষীৰ জিম্মাত

By

Published : Apr 2, 2023, 12:31 PM IST

Updated : Apr 2, 2023, 1:07 PM IST

প্ৰাঞ্জল মৰাণৰ নিৰুদ্দেশ সন্দৰ্ভত পত্নী উৰ্বশী মৰাণে আৰক্ষী সঞ্চালক প্ৰধানৰ কাষ চপাৰ পাছতে আৰক্ষীৰ জালত দুই কয়লা চোৰ ৷ ৰূপ চাই কুজুৰ আৰু বাবু পাহাৰীয়া নামৰ দুই কয়লা চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে(Pranjal Moran case investigation) ৷

Pranjal Moran case investigation
প্ৰাঞ্জল মৰাণৰ নিৰুদ্দেশ সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ

তিনিচুকীয়া, 2 এপ্ৰিল :12 জানুৱাৰীৰ পৰাই নিৰুদ্দেশ হৈ থকাপ্ৰাঞ্জল মৰাণৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন দুই লিডুৰ টিৰাপ কলিয়ৰীৰ পৰা কয়লা চোৰ চাই কুজুৰ আৰু বাবু পাহাৰীয়া বুলি জানিব পৰা হৈছে ৷ প্ৰাঞ্জল মৰাণৰ মৃতদেহ সমাধিস্থ কৰাত দুয়ো জড়িত থকা বুলি চৰ্চা চলিছে ৷ উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ মাকুম শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণে লিডুৰ কয়লাখনিত কাম কৰিবলৈ গৈ ১২ জানুৱাৰীৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱাক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰাৰ মাজতে শেহতীয়াকৈ পৰিয়াল তথা পত্নী উৰ্বশী মৰাণলৈ আহিছে কিছু আশাৰ বতৰা ৷

পত্নী উৰ্বশী মৰাণে তিনিচুকীয়া, গুৱাহাটীত প্ৰতিবাদ কৰাৰ পাছত বিষয়টোৱে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ দৃষ্টিগোচৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক আছুতীয়াকৈ সাক্ষাৎ কৰিবলৈকো সক্ষম হয় (Pranjal Moran missing case) । সমগ্ৰ ঘটনাটো জি পি সিঙে গুৰুত্ব সহকাৰে লৈ পৰিস্থিতিৰ বুজ লয় আৰু তদন্ত ক্ষিপ্ৰতাৰে আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ৷ পৰৱৰ্তী সময়ত উজনি অসমৰ দায়িত্বত থকা ডি আই জি জিৎমল দলেক তদন্তৰ দায়িত্ব প্ৰদান কৰা হয় ৷ তাৰ পাছতে শুকুৰবাৰে জিৎমল দলেয়ে শুকানীস্থিত প্ৰাঞ্জল মৰাণৰ বাসগৃহত উপস্থিত হৈ উৰ্বশী মৰাণৰ সৈতে দুই ঘণ্টা যোৰা আলোচনাত মিলিত হয় ৷

উল্লেখযোগ্য যে, প্ৰাঞ্জল মৰাণৰ নিৰুদ্দেশৰ সমগ্ৰ ঘটনাটো জি পি সিঙে গুৰুত্ব সহকাৰে লোৱাৰ পাছতে থৰকাছুটি হেৰাইছে মাৰ্ঘেৰিটাৰ কয়লা মাফিয়াৰ লগতে কয়লা চুৰিৰ সৈতে জড়িত লোকসকলে । এক তথ্য অনুসৰি উৰ্বশী মৰাণে আৰক্ষী সঞ্চালক প্ৰধানৰ কাষ চপাৰ পাছতে কয়লা চুৰিৰ সৈতে জড়িত অধিকাংশই ম’বাইল অফ কৰি আত্মগোপন কৰাৰ তথ্য স্থানীয় সূত্ৰযোগে পোহৰলৈ আহিছে (Pranjal Moran disappearance) ৷

ইয়াৰ পাছতে জি পি সিঙৰ নিৰ্দেশ অনুসৰি আৰক্ষীয়ে অভিযান চলাই শনিবাৰে লিডুৰ টিৰাপ কলিয়ৰীৰ পৰা কয়লা চোৰ চাই কুজুৰ আৰু বাবু পাহাৰীয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । ৰূপ চাই কুজুৰ আৰু বাবু পাহাৰীয়া প্ৰাঞ্জল মৰাণৰ মৃতদেহ সমাধিস্থ কৰাৰ সৈতে জড়িত বুলি চৰ্চা চলিছে ৷ লগতে এই তথ্য আৰক্ষীৰ আগত স্বীকাৰ কৰা বুলিও জানিব পৰা গৈছে ৷ গতিকে ধৃত দুই কয়লা চোৰৰ ভাষ্যৰ ভিত্তিত অতি কম সময়ৰ ভিতৰত প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে আৰক্ষীয়ে (Pranjal Moran case investigation) ৷

উল্লেখ কৰা প্ৰয়োজন যে, বিগত বছৰৰ ডিচেম্বৰ মাহত তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ অন্তৰ্গত শুকানি গাঁৱৰ প্ৰাঞ্জল মৰাণ নামৰ 24 বছৰীয়া যুৱক এজনে কৰ্মৰ সন্ধানত লিডুৰ কয়লাখনিলৈ গৈ কমল চাহাব নামৰ ব্যক্তি এজনৰ অধীনত খনন কাৰ্য চলাই থকা কয়লাখনিত শ্ৰমিক হিচাপে কৰ্মত নিয়োজিত হৈছিল । প্ৰাঞ্জল মৰাণে কৰ্মস্থলীৰ পৰা পৰিয়ালৰ সৈতে যোগাযোগ ৰাখে যদিও 2023 বৰ্ষৰ 12 জানুৱাৰীৰ পৰা পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হয় ৷ প্ৰাঞ্জলে 12 জানুৱাৰীত পৰিয়ালৰ সৈতে ফোনযোগে কথা পাতিছিল আৰু মাঘ বিহুত ঘৰলৈ আহিব বুলি জনাইছিল ৷

কিন্তু আহিম বুলিও বিহুত ঘৰলৈ নহাত চিন্তাত পৰিছিল পৰিয়ালবৰ্গই ৷ ইয়াৰ পিছতে কয়লাখনিত যুৱকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰি 1 ফেব্ৰুৱাৰীত প্ৰাঞ্জলে কৰ্মৰত কয়লাখনিলৈ পৰিয়ালৰ লগতে কেইজনমান লোক গৈছিল যদিও কোনো সন্ধান নাপালে ৷ পুনৰ 2 ফেব্ৰুৱাৰীৰ দিনা পৰিয়ালটোক আন এজন যুৱকে লেখাপানীৰ এটা স্থানত প্ৰাঞ্জলৰ মৃতদেহ পৰি থকা বুলি জনোৱাত পৰিয়ালে বিচাৰি যায় যদিও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল (Pranjal Moran case update) ৷

পৰৱৰ্তী সময়ত প্ৰাঞ্জল মৰাণৰ কোনোধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম নোহোৱাত পৰিয়ালৰ লোকে 4 ফেব্ৰুৱাৰীত লিডু আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ কিন্তু ৰহস্যজনকভাৱে এজাহাৰ দাখিল কৰাৰ পাছতো তিনিচুকীয়া জিলাৰ আৰক্ষী তথা জিলা প্ৰশাসনে সোপাধিলা নীতি গ্ৰহণ কৰা দৃষ্টিগোচৰ হৈছিল যাৰ বাবে পৰৱৰ্তী সময়ত উৰ্বশী মৰাণে আৰক্ষী সঞ্চালক প্ৰধানৰ কাষ চাপিবলগীয়া হয় (Coal mining worker death in Ledo) ৷

দুৰ্ভাগ্যজনক বিষয় যে, প্ৰাঞ্জল মৰাণৰ মৃতদেহ বিচৰাৰ নামত অৰ্থাৎ তদন্তৰ নামত যে ভেকোভাওঁনা চলি আছিল সেয়া আজি সকলোৰে দৃষ্টিগোচৰ হৈছে ৷ প্ৰাঞ্জল মৰাণৰ ৰহস্যজনক নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰত নাম সন্নিৱিষ্ট মূল ব্যক্তি বি গনেশক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে সক্ষম হ’ব নে নহয় সেয়া পৰৱৰ্তী সময়ত হৈ ৰ’ব এক লক্ষণীয় বিষয় ৷

লগতে পঢ়ক :Delhi CM Assam visit: 'আহি আছে কেজৰিৱাল'

Last Updated : Apr 2, 2023, 1:07 PM IST

ABOUT THE AUTHOR

...view details